মুকালমুৱাত গাম্ভীৰ্যপূর্ণ পৰিৱেশত ৰুছ সাহিত্যৰ ইতিহাস গ্ৰন্থ উন্মোচন
- মুকালমুৱা শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থ উন্মোচনী অনুষ্ঠান
- পবিন্দ্ৰ ডেকাৰ “ৰুছ সাহিত্যৰ ইতিহাস” গ্ৰন্থ উন্মোচন
- ৰমেশ কুমাৰ হালৈৰ সাহিত্য-সংস্কৃতি বিষয়ক গুৰুত্বপূর্ণ ভাষণ
- বহু সাহিত্যপ্ৰেমী আৰু গণ্য-মান্য ব্যক্তিৰ সক্ৰিয় অংশগ্ৰহণ
সমগ্ৰ সমাচাৰ সেৱা
নলবাৰী, ১৩ এপ্ৰিল: গাম্ভীৰ্যপূর্ণ পৰিৱেশত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভা নলবাৰী জিলাৰ মুকালমুৱা শাখা সাহিত্য সভাৰ উদ্যোগত আজি এক গাম্ভীর্যপূর্ণ পৰিৱেশত বিশিষ্ট লেখক তথা অসমৰ প্ৰাক্তন মন্ত্রী পবিন্দ্র ডেকাই নতুন গ্রন্থ “ৰুছ সাহিত্যৰ ইতিহাস’ শীর্ষক গ্রন্থখনি উন্মোচন কৰে। ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানটোত অঞ্চলটোৰ বহুসংখ্যক সাহিত্যপ্রেমী ৰাইজ তথা গণ্য-মান্য ব্যক্তিৰ উপস্থিতত যোৱা কালি পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই উন্মোচনী সভাখনত সভাপতিত্ব কৰে মুকালমুৱা শাখা সাহিত্য সভাৰ সভাপতি তথা ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দীনেশ চন্দ্র কলিতাই।
সভাৰ আৰম্ভণিতে সম্পাদক আব্দুল মতিন চৌধুৰীয়ে আদৰণী ভাষণ আগবঢ়াই উপস্থিত অতিথি সকলক উষ্ম আদৰণি জনায়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা ৰমেশ কুমাৰ হালৈয়ে নিজৰ সাৰুৱা ভাষণত সমাজত সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হাজো সুৰেণ দাস মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° আলি আকবৰ হুছেইন আৰু নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মুকালমুৱ বৰক্ষেত্ৰী কণিষ্ঠ মাহবিদ্যালয় প্ৰৱক্তা পৰীক্ষিত বৈশ্যই অংশগ্ৰহণ কৰি গ্ৰন্থখনৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য আগবঢ়ায়। মুকালমুৱা শাখা সাহিত্য সভাৰ এই পদক্ষেপক উপস্থিত ৰাইজে একেমুখে শলাগ লৈছে। গ্রন্থ খনৰ বিষয়বস্তুৱে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব বুলি বক্তাসকলে আশা প্রকাশ কৰে। এক যোগাত্মক পৰিৱেশৰ মাজত সভাৰ সামৰণি পৰে আৰু আগন্তুক দিনত এনেধৰণৰ সাহিত্যিক অনুষ্ঠান অধিক হাৰত অনুষ্ঠিত কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনায়।
