নাগালেণ্ডত খাদ্য সামগ্ৰীৰ গুণগত মানত ভয়ংকৰ ত্ৰুটি উদ্ঘাটন
- বহুতো খাদ্য সামগ্ৰী মানদণ্ডত বিফল
- ডিমাপুৰ জোনত চলিছিল নিয়মীয়া পৰীক্ষা
- বিক্ৰেতাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা আৰম্ভ
- খাদ্য সুৰক্ষাত কঠোৰ ব্যৱস্থা গ্ৰহণৰ সংকেত
ডিমাপুৰ জোনত পৰীক্ষাত বহুসংখ্যক খাদ্য সামগ্ৰী “Substandard”; বিক্ৰেতাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা আৰম্ভ
সমগ্ৰ সমাচাৰ সেৱা
নাগালেণ্ড, ১ মে’: নাগালেণ্ডৰ ডিমাপুৰ জোনত খাদ্য সুৰক্ষা বিভাগে কৰা নিয়মীয়া নিৰীক্ষণ আৰু পৰীক্ষাত কেইবাটাও খাদ্য সামগ্ৰী নিম্নমানৰ বুলি পোৱা গৈছে। এই পৰীক্ষা Food Safety and Standards Act, 2006-ৰ অধীনত সম্পন্ন কৰা হৈছিল।
জানিব পৰা মতে, ডিমাপুৰ, নিয়ুলেণ্ড, চুমৌকেদিমা, মন আৰু পেৰেন জিলাৰ বিভিন্ন খুচৰা দোকানৰ পৰা সংগৃহীত নমুনাসমূহত গুণগত মানৰ গুৰুত্বপূৰ্ণ ত্ৰুটি ধৰা পৰে। বিশেষকৈ বহু-উৎসৰ খোৱা তেল (multi-source edible oil), স্টেৰিলাইজড পনীৰ, ভিনেগাৰ আৰু ৰিফাইণ্ড ছয়াবিন তেল মানদণ্ড পূৰণ কৰিব পৰা নাই।
ডিজাইনেটেড অফিচাৰ পেলেৰিয়েনো কেহিয়ে জনোৱা অনুসৰি, এই খাদ্য সামগ্ৰীসমূহে বাধ্যতামূলক গুণগত মান পূৰণ কৰিব পৰা নাছিল। ফলস্বৰূপে, জড়িত বিক্ৰেতাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই ঘটনাই ৰাজ্যখনত খাদ্য সুৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু আগন্তুক দিনত অধিক কঠোৰ নজৰদাৰীৰ ইংগিত দিছে। খাদ্য সুৰক্ষা বিভাগে জনসাধাৰণকো সচেতন হৈ মানসম্মত খাদ্য সামগ্ৰী ব্যৱহাৰৰ আহ্বান জনাইছে।
