নগাঁৱৰ মৰিকলঙত ডকাইতৰ আক্ৰমণঃ চিকিৎসাধীন অৱস্থাত মৃত্যু ৰূপৰেখা ভূঞাৰ
Oplus_131072
- নগাঁৱৰ মৰিকলঙত ডকাইতৰ আক্ৰমণত আহত ৰূপৰেখা ভূঞাৰ মৃত্যু
- গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ
- ২৪ এপ্ৰিলত চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত সংঘটিত হৈছিল ডকাইতি
- ৫ জনীয়া ডকাইতৰ দলে লুটপাট চলাই কৰিছিল নৃশংস আক্ৰমণ
আক্ৰমণৰ পিছৰে পৰা ক’মাত আছিল ৰূপৰেখা ভূঞা
সমগ্ৰ সমাচাৰ সেৱা
নগাঁও, ১০ মে’: নগাঁও জিলাৰ মৰিকলঙত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডত গুৰুতৰভাৱে আহত হোৱা ৰূপৰেখা ভূঞাৰ অৱশেষত মৃত্যু ঘটিছে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত থকা ভূঞাই আজি শেষ নিশ্বাস ত্যাগ কৰে।
জানিব পৰা মতে, ২৪ এপ্ৰিলৰ নিশা ৫ জনীয়া ডকাইতৰ এটা দলে চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি লুটপাট চলায়। ডকাইতৰ দলটোৱে ঘৰৰ সদস্যসকলক আক্ৰমণ কৰাৰ লগতে চিকিৎসক দম্পতিক ৰডেৰে মৰিয়াই গুৰুতৰভাৱে আহত কৰে।
আক্ৰমণত মূৰত গুৰুতৰ আঘাত পোৱা ৰূপৰেখা ভূঞা ২৪ এপ্ৰিলৰ পৰাই ক’মাত আছিল। চিকিৎসকে তেওঁক বচাবলৈ অবিৰত চেষ্টা চলাইছিল যদিও অৱশেষত মৃত্যু ঘটে।
এই ঘটনাই সমগ্ৰ নগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল যদিও এতিয়াও সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি উদ্বেগ আৰু ক্ষোভ অব্যাহত আছে।
