Global Assam News

Global and Local Assam News Website

কলকাতাত আৱেগিক মুহূৰ্তঃ ৯৮ বছৰীয়া বিজেপি কৰ্মীক প্ৰণাম প্ৰধানমন্ত্ৰী মোদীৰ

Oplus_131072

  • কলকাতাত বিজয় উৎসৱত ৯৮ বছৰীয়া বিজেপি কৰ্মী মাখনলাল চৰকাৰৰ আশীৰ্বাদ লয় নৰেন্দ্ৰ মোদীয়ে
  • মঞ্চতেই বৃদ্ধ কৰ্মীৰ চৰণ স্পৰ্শ কৰি সন্মান জনায় প্ৰধানমন্ত্ৰীয়ে
  • শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সৈতে ১৯৫২ চনৰ আন্দোলনত অংশ লৈছিল মাখনলাল চৰকাৰে
  • পশ্চিমবংগত বিজেপিৰ ঐতিহাসিক জয়ৰ পিছতে দেখা গ’ল এই আৱেগিক দৃশ্য

সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ৯ মে’: পশ্চিমবংগত বিজেপিৰ ঐতিহাসিক জয়ৰ পিছতে কলকাতাত অনুষ্ঠিত বিজয় উৎসৱত এক আবেগিক মুহূৰ্তৰ সৃষ্টি হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঞ্চতেই ৯৮ বছৰীয়া প্ৰবীণ বিজেপি কৰ্মী মাখনলাল চৰকাৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰে। এই দৃশ্যই উপস্থিত সমৰ্থক আৰু নেতাসকলক আৱেগিক কৰি তোলে।

মাখনলাল চৰকাৰক বিজেপিৰ আৰম্ভণিৰ দিনৰ এজন অন্যতম ঘাঁহমূল কৰ্মী হিচাপে গণ্য কৰা হয়। ১৯৫২ চনত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সৈতে কাশ্মীৰত জাতীয় পতাকা উত্তোলনৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ গ্ৰেপ্তাৰ হৈছিল।

১৯৮০ চনত বিজেপি গঠন হোৱাৰ পিছত তেওঁ পশ্চিম দিনাজপুৰ, জলপাইগুড়ি আৰু দাৰ্জিলিং জিলাৰ সংগঠন সমন্বয়ক হিচাপে দায়িত্ব পালন কৰে। কেৱল এবছৰৰ ভিতৰতে প্ৰায় ১০ হাজাৰ সদস্য অন্তৰ্ভুক্ত কৰি দলীয় সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭খন আসন লাভ কৰি ১৫ বছৰৰ তৃণমূল কংগ্ৰেছ শাসনৰ অবসান ঘটায়। ইয়াৰ জৰিয়তে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠন হয়। দলীয় নেতাসকলে মোদী আৰু মাখনলাল চৰকাৰৰ এই সাক্ষাৎক “ত্যাগ আৰু সফলতাৰ সংযোগ” বুলি অভিহিত কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *