NEET-UG ২০২৬ বাতিল: প্ৰশ্ন কাকত ফাদিল কাণ্ডত দেশজুৰি চাঞ্চল্য
- NTA-ই বাতিল কৰিলে NEET-UG ২০২৬ পৰীক্ষা
- প্ৰশ্ন ফাদিল অভিযোগত CBI তদন্তৰ নিৰ্দেশ কেন্দ্ৰৰ
- পৰীক্ষাৰ দুদিন পূৰ্বে ভাইৰেল হৈছিল ৩০০ প্ৰশ্নৰ হাতে লিখা নমুনা
- সেই নমুনাৰ ১৪০টা প্ৰশ্ন মূল পৰীক্ষাত মিল থকাৰ অভিযোগ
- ৰাজস্থান আৰক্ষীৰ SOG-এ প্ৰথমে উন্মোচন কৰে কেলেংকাৰী
- লক্ষাধিক শিক্ষাৰ্থীৰ পৰিশ্ৰম বিফল হোৱাৰ আশংকা
- প্ৰশ্ন কাকত ফাদিল কাণ্ডত বাতিল NEET-UG ২০২৬
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১২ মে’: সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশিকা পৰীক্ষা NEET-UG ২০২৬ক কেন্দ্ৰ কৰি উদ্ভৱ হৈছে এক বৃহৎ বিতৰ্ক। প্ৰশ্ন কাকত ফাদিল অভিযোগৰ পিছতে নেচনেল টেষ্টিং এজেন্সী (NTA)-এ আনুষ্ঠানিকভাৱে পৰীক্ষাখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুনকৈ পৰীক্ষাৰ তাৰিখ শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি জনোৱা হৈছে।
জানিব পৰা মতে, পৰীক্ষাৰ দুদিন পূৰ্বেই ৩০০টা প্ৰশ্ন সম্বলিত এখন হাতে লিখা নমুনা প্ৰশ্নপত্ৰ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছিল। অভিযোগ অনুসৰি, সেই নমুনাৰ প্ৰায় ১৪০টা প্ৰশ্ন মূল পৰীক্ষাত হুবহু মিল পাইছে।
এই ঘটনাৰ পিছতে ৰাজস্থান আৰক্ষীৰ স্পেশ্যেল অপাৰেচনছ গ্ৰুপ (SOG)-এ বিষয়টো সন্দেহজনক বুলি কেন্দ্ৰীয় সংস্থাসমূহক অৱগত কৰে। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে গোটা ঘটনাটোৰ তদন্ত CBI-ৰ হাতত অৰ্পণ কৰিছে।
এই কাণ্ডই দেশজুৰি লক্ষাধিক NEET পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। বহু শিক্ষাৰ্থীয়ে বছৰজুৰি কঠোৰ পৰিশ্ৰম কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। হঠাৎ পৰীক্ষা বাতিল হোৱাত তেওঁলোকৰ মানসিক চাপ আৰু অনিশ্চয়তা বৃদ্ধি পাইছে।
কেন্দ্ৰীয় চৰকাৰে দোষীক কঠোৰ শাস্তি দিয়াৰ আশ্বাস দিছে।
