April 15, 2026

Global Assam News

Global and Local Assam News Website

নয়ডাত মজুৰি বৃদ্ধিৰ দাবীত উত্তাল প্ৰতিবাদ, ৫০তকৈ অধিক গ্ৰেপ্তাৰ

নয়ডাত মজুৰি বৃদ্ধিৰ দাবীত উত্তাল প্ৰতিবাদ, ৫০তকৈ অধিক গ্ৰেপ্তাৰ
  • ২নং ফেজত হাজাৰ হাজাৰ শ্রমিকৰ তীব্ৰ প্ৰতিবাদ
  • কার্যালয়, বাহন ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ
  • আৰক্ষীৰ সৈতে সংঘর্ষ, কন্দুৱা গেছ ব্যৱহাৰ
  • ৫০তকৈ অধিক প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ, অঞ্চলত আৰক্ষী মোতায়েন

সমগ্ৰ সমাচাৰ সেৱা
নয়ডাৰ ২নং, ১৩এপ্ৰিল: ২নং ফেজত শ্রমিকৰ ব্যাপক আন্দোলনে ল’লে হিংসাত্মক ৰূপ মজুৰি বৃদ্ধিৰ দাবীত উত্তপ্ত হৈ পৰিছে নয়ডাৰ ২নং ফেজ অঞ্চল। সোমবাৰে পুৱা এটা ব্যক্তিগত কোম্পানীৰ সন্মুখত কেইবাহাজাৰ শ্রমিকে প্রতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ হয় । আন্দোলনকাৰী শ্রমিকৰ এটা অংশই কার্যালয় আৰু বাহন ভাঙি লণ্ডভণ্ড কৰে।

অভিযোগ অনুসৰি আৰক্ষীক শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে ছোৱা ছোৱাকৈ কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰে। এই পর্যন্ত ৫০ জনতকৈ অধিক প্রতিবাদকাৰীক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। শান্তি ঘুৰাই অনাৰ বাবে অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

সূত্র অনুসৰি যোৱা তিনিদিন ধৰি এটা ব্যক্তিগত কোম্পানীৰ কেইবাহাজাৰ কৰ্মীয়ে অঞ্চলটোত প্রতিবাদ সাব্যস্ত কৰি আহিছে। সোমবাৰে প্রতিবাদস্থলীয়ে ৰণক্ষেত্ৰৰ ৰূপ লালে। ব্যক্তিগত কোম্পানীটোৰ কৰ্মীসকলে মূলতঃ মজুৰি বৃদ্ধি আৰু অতিৰিক্ত সময় সম্পর্কীয় কেইবাটাও দাবীক লৈ প্রতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদৰ জুইকুৰা নয়ডাৰ বিভিন্ন প্রান্তলৈ বিয়পি পৰিছে। ১নং ফেজৰ ৮৪ নং ছেক্টৰত এই আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰে। তাত কমেও দুখন বাহনত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে ৬২ নং ছেক্টৰতো কেইবাহাজাৰ কর্মী ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰে।

অৱশ্যে কিছুদিন পূর্বে জিলা প্রশাসন আৰু উন্নয়ন কর্তৃপক্ষৰ বিষয়াসকলে শ্রমিকসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল। তাত তেওঁলোকক তেওঁলোকৰ দাবীসমূহ চাব বুলি আশ্বাস দিয়া হৈছিল। কিন্তু ইয়াৰ পিছতো আজি অর্থাৎ সোমবাৰেও শ্রমিকসকলে প্রতিবাদ অব্যাহত ৰাখিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *