অনুৰাধা শৰ্মা পূজাৰী : শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সন্মানীয় প্রাধ্যাপক নিযুক্তি
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৩ এপ্ৰিল:সাহিত্য অকাডেমী বঁটা প্রাপক লেখিকাৰ শিক্ষাক্ষেত্ৰত নতুন অধ্যায়
সাহিত্য অকাডেমী বঁটা প্রাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় প্রাধ্যাপক (Professor of Practice) হিচাপে নিযুক্তি প্রদান কৰা হৈছে। দীর্ঘদিনৰ অভিজ্ঞতাৰ পৰা মানৱতা, সমাজ বিজ্ঞানৰ লগতে সংবাদ মাধ্যমৰ সন্দৰ্ভত শিক্ষার্থীক পাঠদান কৰিব বিশিষ্ট সাহিত্যিকগৰাকীয়ে। আগন্তুক ৩ বছৰলৈ বিশ্ববিদ্যালয়খনত এই পদত অধিষ্ঠিত হৈ থাকিব বিশিষ্ট সাহিত্যিকগৰাকী।
বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই যোৱা ৭এপ্রিল, ২০২৬ত বিশিষ্ট সাহিত্যিকগৰাকীলৈ নিযুক্তি পত্ৰ প্ৰেৰণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, শ্রীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত স্থাপিত হৈছিল এই বিশ্ববিদ্যালয়খন। বর্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদতে আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভারে পৰিচালিত হৈ আছে। বর্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে এই বিশ্ববিদ্যালয়খনত।
নগাঁৱত থকা বিশ্ববিদ্যালয়খনৰ চৌহদত পাঠদান কৰা বিষয়সমূহ হৈছে- অর্থনীতি অসমীয়া, ইংৰাজী, কম্পিউটাৰ এপ্লিকেশ্বন, দর্শন, শংকৰদেৱ অধ্যয়ন, শিক্ষাতত্ত্ব আৰু সমাজতত্ত্ব। ইয়াৰ সমান্তৰালভাৱে গুৱাহাটীৰ অস্থায়ী চৌহদত আইন অধ্যয়ন, ইংৰাজী, পৰিবেশ্য কলা (সংগীত/নৃত্য/নাটক), সামাজিক কর্ম আৰু যোগ বিজ্ঞান আৰু প্রাকৃতিক চিকিৎসা বিভাগৰ পাঠদান চলি আছে।
