Global Assam News

Global and Local Assam News Website

নেদাৰলেণ্ডছত বড়ো সংস্কৃতিৰ গৌৰৱ: প্ৰধানমন্ত্ৰী মোদীৰ গাত ‘আৰোনাই’

Oplus_131072

  • নেদাৰলেণ্ডছত ভাৰতীয় প্ৰবাসীক সম্বোধনৰ সময়ত ‘আৰোনাই’ পৰিধান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
  • ‘আৰোনাই’ হৈছে অসমৰ বড়ো জনগোষ্ঠীৰ ঐতিহ্যবাহী বস্ত্ৰ
  • বড়ো সমাজৰ হস্ততাঁতৰ ঐতিহ্য বিশ্ব মঞ্চত উজলাই উঠিল
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে কৃতজ্ঞতা আৰু গৌৰৱ
  • বিশ্ব মঞ্চত বড়ো সংস্কৃতিৰ পৰিচয়

সমগ্ৰ সমাচাৰ সেৱা
নেদাৰলেণ্ড, ১৮ মে’: নেদাৰলেণ্ডছ ভ্ৰমণৰ সময়ত ভাৰতীয় প্ৰবাসীসকলক সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বড়ো সমাজৰ পৰম্পৰাগত ‘আৰোনাই’ পৰিধান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সাদা কাপোৰৰ ওপৰত সোনালী নক্সাৰে সজোৱা ‘আৰোনাই’ বড়ো জনগোষ্ঠীৰ সমৃদ্ধ হস্ততাঁত সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে পূৰ্বেও বিভিন্ন অনুষ্ঠানত অসমীয়া পৰম্পৰাগত ‘গামোচা’ পৰিধান কৰি অসমৰ সংস্কৃতিক বিশ্বৰ আগত উজলাই তুলিছিল। এইবাৰ বড়ো সমাজৰ ‘আৰোনাই’ পৰিধানৰ জৰিয়তে তেওঁ পুনৰ এবাৰ অসমৰ বৈচিত্ৰময় সংস্কৃতিৰ প্ৰতি সন্মান জনায়।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে এই মুহূৰ্তক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি কয়,
“নেদাৰলেণ্ডছৰ বিশ্ব মঞ্চত আদৰণীয় নৰেন্দ্ৰ মোদীজীক ‘আৰোনাই’ পৰিধান কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ। বড়োলেণ্ডত শান্তি আৰু সমৃদ্ধিৰ নতুন যুগ সূচনা কৰাৰ বাবে আমাৰ প্ৰিয় প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

এই ঘটনাই অসমৰ বড়ো সমাজৰ সংস্কৃতি আৰু পৰম্পৰাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন স্বীকৃতি দিয়াৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত হিচাপে বিবেচিত হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *