বর্ষাপাৰাত আজি আই পিএলৰ আন এক হাইভ’ল্টেজ মেচ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১০ এপ্ৰিল:
বৰ্ষাপাৰাত আজিৰ হাইভ’ল্টেজ আইপিএল মেচত মুখামুখি আৰ আৰ-আৰ চি বি
চলিত আইপিএলৰ গুৱাহাটীত অনুষ্ঠিত হোৱা তিনিখন হাইভ’ল্টেজ মেচৰ আজি তৃতীয় তথা অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে বয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ’ব।
চমকপ্রদ প্রদর্শনেৰে জয়ৰ হেটট্রিক অৰ্জন কৰি ছিজনৰ প্রত্যাশিত আৰম্ভণি কৰা ৰিয়ানৰ দল আৰ আৰে আজি ডিফেন্ডিং চেম্পিয়ন আৰচিবিৰ বিৰুদ্ধেও আত্মবিশ্বাসেৰে নামিব। প্রতিযোগিতাখনৰ প্ৰথম তিনিওখন মেচতে বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ৰিয়ান পৰাগ বাহিনীয়ে আজিৰ মেচত বিৰাট কোহলিৰ দৰে তাৰকা খেলুৱৈৰে সমৃদ্ধ আৰচিবিৰ প্ৰত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰ্পে সাজু হৈছে।
আজি হাইভ’ল্টেজ মেচখনৰ পূৰ্বে দুয়োটা দলে বর্ষাপাৰাত দীর্ঘ সময় ধৰি অনুশীলন কৰে। আজিৰ এই হাইভল্টেজ মেচখনক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অনুৰাগী। অসম সন্তান ৰিয়ান পৰাগে আজি দক্ষ ক্রীড়াশৈলীৰে আৰচিবিক পৰাজিত কৰিব পাৰিব বুলি আশাবাদী ৰাজ্যখনৰ অগণন ক্রীড়ানুৰাগী।
অৱশ্যে মেচখনত ৰজত পাটিদাৰ নেতৃত্বাধীন আৰচিবিক পৰাস্ত কৰাটো সহজ নহ’ব ঘৰুৱা দলটোৰ বাবে। ৰাজস্থানে এতিয়ালৈকে ৬ পইন্ট সংগ্ৰহ কৰি পইন্ট তালিকাৰ শীৰ্ষস্থান অধিকাৰ কৰি থকাৰ বিপৰীতে আৰচিবিয়ে দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰি চাৰি পইণ্টেৰে পইন্ট তালিকাৰ তৃতীয় স্থানটো অধিকাৰ কৰি আছে।
উল্লেখ্য যে অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ প্ৰথমখন মেচত পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক সহজেই আঠ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত পৰাস্ত কৰিছিল।
খেলৰ সময়- নিশা ৭.৩০ বজা
