কাজিৰঙাত মুক্তি ভাৰতৰ প্ৰথম ছেটেলাইট-টেগযুক্ত গংগা ছফ্টশ্বেল কচ্ছপ
- বিপন্ন প্ৰজাতি দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুক্তি পালে ভাৰতৰ প্ৰথম ছেটেলাইট-টেগযুক্ত গংগা ছফ্টশ্বেল কচ্ছপ
- বন্যপ্ৰাণী সংৰক্ষণ আৰু বৈজ্ঞানিক নিৰীক্ষণত নতুন মাইলষ্টোন
- নদী প্ৰদূষণ, বাসস্থান ধ্বংস আৰু অবৈধ চিকাৰৰ ফলত বিপদত এই প্ৰজাতি
- সংৰক্ষণ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ
সমগ্ৰ সমাচাৰ সেৱা
কাজিৰঙা, ১৫ মে’:বিপন্ন প্ৰজাতি দিৱসৰ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূর্ণ ঘোষণা কৰে। তেওঁ জানিবলৈ দিয়ে যে ভাৰতৰ প্ৰথম ছেটেলাইট-টেগযুক্ত গংগা ছফ্টশ্বেল কচ্ছপক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সফলভাৱে মুক্তি দিয়া হৈছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত এই তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই পদক্ষেপে ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু বৈজ্ঞানিক নিৰীক্ষণ ব্যৱস্থাত এক নতুন অধ্যায় সূচনা কৰিছে।
বৈজ্ঞানিক নিৰীক্ষণত নতুন দিশ
বিশেষজ্ঞসকলৰ মতে, ছেটেলাইট টেগ ব্যৱহাৰৰ জৰিয়তে কচ্ছপটোৰ চলাচল, বাসস্থান আৰু আচৰণ সম্পৰ্কে গুৰুত্বপূর্ণ তথ্য সংগ্ৰহ কৰা সম্ভৱ হ’ব। ইয়াৰ দ্বাৰা গৱেষণা আৰু সংৰক্ষণমূলক পদক্ষেপ অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।
গংগা ছফ্টশ্বেল কচ্ছপ ভাৰতীয় উপমহাদেশৰ বিভিন্ন নদী ব্যৱস্থাত পোৱা এবিধ মিঠাপানীৰ কচ্ছপ। কিন্তু বাসস্থান ধ্বংস, নদী প্ৰদূষণ আৰু অবৈধ চিকাৰৰ ফলত এই প্ৰজাতি বৰ্তমান সংকটৰ সন্মুখীন হৈছে।
সংৰক্ষণকেন্দ্ৰিক এই নতুন উদ্যোগক পৰিৱেশপ্ৰেমী আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকলে আদৰণি জনাইছে।
