Global Assam News

Global and Local Assam News Website

ছিক্কিমত ৪০০০ কোটি টকাৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

  • প্ৰায় ৪ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
  • স্বাস্থ্য, শিক্ষা আৰু পৰিকাঠামো খণ্ডত বিশেষ গুৰুত্ব
  • নামচিৰ য়াংগাঙত ১০০ বিচনাযুক্ত আয়ুৰ্বেদ চিকিৎসালয়ৰ আধাৰশিলা
  • বিভিন্ন জিলাত চিকিৎসা আৰু শিক্ষানুষ্ঠান উদ্বোধন

ছিক্কিম ৰাজ্য গঠনৰ ৫০ বৰ্ষপূৰ্তি উদযাপনত গেংটকৰ পালজোৰ ষ্টেডিয়ামৰ পৰা একাধিক বৃহৎ প্ৰকল্প উদ্বোধন

সমগ্ৰ সমাচাৰ সেৱা
ছিক্কিম, ২৯ এপ্ৰিল: যোৱা মংগলবাৰে ছিক্কিম ৰাজ্য গঠনৰ ৫০ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গেংটকৰ ঐতিহাসিক পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ৪ হাজাৰ কোটি টকাৰ একাধিক গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

এই বৃহৎ বিনিয়োগৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্যসেৱা, শিক্ষা আৰু সামগ্ৰিক পৰিকাঠামো উন্নয়নৰ ক্ষেত্ৰত নতুন দিশ উন্মোচিত হ’ব বুলি আশা কৰা হৈছে। বিশেষকৈ স্বাস্থ্যখণ্ডত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে নামচি জিলাৰ য়াংগাঙত ১০০ বিচনাযুক্ত আয়ুৰ্বেদ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ উপৰিও তেওঁ দেওৰালিত অৱস্থিত এন আই টিত ৩০খন বিচনাযুক্ত সংহত সোৱা-ৰিগপা চিকিৎসালয় উদ্বোধন কৰে, যি পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

শিক্ষাখণ্ডতো একাধিক প্ৰকল্প উদ্বোধন কৰা হয়। ইয়াৰ ভিতৰত য়াংগাঙত ছিক্কিম বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ, চাকুঙত নেতাজী সুভাষ চন্দ্ৰ বসু ইউনিভাৰ্চিটি অৱ এক্সেলেন্সৰ প্ৰশাসনিক ব্লক, গেটক জিলাৰ ছ’চেগাঙত হেলেন লেপচা মেডিকেল কলেজ আৰু গ্যালশ্বিং জিলাৰ ডেণ্টামত ডেণ্টাম প্ৰফেচনেল কলেজৰ স্থায়ী চৌহদ অন্তৰ্ভুক্ত।

এই সকলো প্ৰকল্পে ছিক্কিমৰ সামগ্ৰিক উন্নয়নত এক নতুন অধ্যায় সূচনা কৰিব বুলি চৰকাৰী মহলৰ আশা।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *