April 20, 2026

Global Assam News

Global and Local Assam News Website

পৱন খেড়া: সুপ্ৰিম কোৰ্টৰ ঝটকা ট্ৰানজিট আগাম জামিনত স্থগিতাদেশ জাৰি

পৱন খেড়া: সুপ্ৰিম কোৰ্টৰ ঝটকা ট্ৰানজিট আগাম জামিনত স্থগিতাদেশ জাৰি
  • সুপ্ৰিম কোৰ্টে পৱন খেড়াৰ ট্ৰানজিট আগাম জামিনত স্থগিতাদেশ জাৰি
  • অসম চৰকাৰৰ আবেদন গ্ৰহণ কৰি কোৰ্টে জাৰি কৰিলে নোটিছ
  • অসমত ৰুজু হোৱা এফআইআৰৰ ক্ষেত্ৰত তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ অধিকাৰক্ষেত্ৰ প্ৰশ্নবিদ্ধ
  • খেড়াই অসম আদালতত পুনৰ আগাম জামিন আবেদন কৰিব পাৰিব

সমগ্ৰ সামাচাৰ সেৱা
নতুন দিল্লী, ১৫ এপ্ৰিল: কংগ্ৰেছ নেতা পৱন খেড়াৰ বাবে সুপ্ৰিম কোৰ্টে এক ডাঙৰ আঘাত হিচাপে তেলেঙ্গানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ট্ৰানজিট আগাম জামিনত স্থগিতাদেশ জাৰি কৰিছে। অসম চৰকাৰৰ আবেদন গ্ৰহণ কৰি শীৰ্ষ আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু খেড়াক নোটিছ জাৰি কৰে।

উল্লেখযোগ্য যে, ১০ এপ্ৰিলত তেলেঙ্গানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক এ সপ্তাহৰ বাবে ট্ৰানজিট আগাম জামিন প্ৰদান কৰিছিল। কিন্তু এই সিদ্ধান্তৰ বিৰুদ্ধে অসম চৰকাৰে সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিল।

“অধিকাৰক্ষেত্ৰ নাথাকিলেও জামিন” — অসম চৰকাৰৰ অভিযোগ

সুপ্ৰিম কোৰ্টত অসম চৰকাৰৰ হৈ উপস্থিত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দাঙি ধৰে যে ঘটনাটো অসমত সংঘটিত হৈছিল আৰু এফআইআৰো গুৱাহাটীৰ ক্রাইম ব্ৰাঞ্চত ৰুজু হৈছিল। সেয়েহে তেলেঙ্গানা উচ্চ ন্যায়ালয়ে ট্ৰানজিট আগাম জামিন দিয়াটো অধিকাৰক্ষেত্ৰৰ বাহিৰত।

তেওঁ লগতে কয় যে এইটো “ফ’ৰাম শ্বপিং”ৰ উদাহৰণ আৰু আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ।

গিৰফতাৰীৰ পৰা সুৰক্ষা নাই: সুপ্ৰিম কোৰ্ট

সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ জে.কে. মাহেশ্বৰী আৰু অতুল এছ. চন্দুৰকৰ বেঞ্চে স্পষ্টকৈ কয় যে এই মুহূৰ্তত পৱন খেড়াক গিৰফতাৰীৰ পৰা কোনো সুৰক্ষা দিয়া নহ’ব। অৱশ্যে তেওঁ অসমত সংশ্লিষ্ট আদালতত আগাম জামিনৰ বাবে আবেদন কৰিব পাৰিব।

উল্লেখযোগ্য যে, এই গোচৰটো অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ সন্দৰ্ভত পৱন খেড়াই কৰা অভিযোগৰ সৈতে জড়িত।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *