Global Assam News

Global and Local Assam News Website

  • আজি পুৱা ১০ বজাত অনুষ্ঠিত হ’ব
  • তামিলনাডুৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান
  • মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব জনপ্ৰিয় নেতা বিজয়
  • জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অনুষ্ঠান
  • ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শপতবাক্য পাঠ কৰাব
  • চেন্নাইৰ ২০টা গুৰুত্বপূর্ণ স্থানত LED স্ক্ৰীনত লাইভ সম্প্ৰচাৰৰ ব্যৱস্থা

মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজয়, সাজু চেন্নাই

সমগ্ৰ সমাচাৰ সেৱা
তামিলনাডু, ১০ মে’: তামিলনাডুৰ ৰাজনীতিত আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব চেন্নাই চহৰ। আজি (১০ মে’, ২০২৬) পুৱা ১০ বজাত জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত নতুন মুখ্যমন্ত্ৰী হিচাপে বিজয়ে শপতগ্ৰহণ কৰিব। তেওঁৰ সৈতে নতুন মন্ত্ৰীসভাৰ সদস্যসকলেও শপত ল’ব।

তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ নেতৃত্বত অনুষ্ঠিত হ’ব এই শপতগ্ৰহণ অনুষ্ঠান। অনুষ্ঠানটোক লৈ ইতিমধ্যে সমগ্ৰ চেন্নাইত উৎসৱমুখৰ পৰিবেশ দেখা গৈছে।

জনসাধাৰণেও যাতে এই বিশেষ অনুষ্ঠানটো লাইভ উপভোগ কৰিব পাৰে, তাৰ বাবে চেন্নাইৰ ২০টা গুৰুত্বপূর্ণ স্থানত বৃহৎ LED স্ক্ৰীন স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত আছে আন্না নগৰ টাৱাৰ পাৰ্ক, মেৰিনা বিচ, কয়ম্বেডু CMBT, চেন্নাই চেণ্ট্ৰেল ৰেল ষ্টেচন, টি নগৰ বাছ ষ্টেণ্ড, বেচান্ত নগৰ বিচ, কথিপাৰা আৰ্বান স্কুৱেৰ, ছেম্মোজি পুঙ্গা, ভাডাপালানি বাছ টাৰ্মিনাছ, শোলিংগানাল্লুৰ জংচন, মাধাভাৰাম বাছ টাৰ্মিনাছ আৰু আম্বাট্টুৰ O.T. বাছ ষ্টেণ্ড আদি।

এই অনুষ্ঠানক কেন্দ্ৰ কৰি চেন্নাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। আজি তামিলনাডুৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা হ’ব বুলি ধাৰণা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *