“দ্য ব্যাটল অৱ কামৰূপ”লৈ ৰাষ্ট্ৰীয় সন্মান
- অসমীয়া ঐতিহাসিক তথ্যভিত্তিক ডকুমেণ্টাৰীৰ সফলতা
- IRS বিষয়া পদ্মপানী বৰাৰ নিৰ্দেশনা
- ১৬ সংখ্যক চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্য (ডকুমেণ্টাৰী শাখা)
- কামৰূপৰ ইতিহাসক নতুন ৰূপত প্ৰদৰ্শন
দাদা সাহেব ফালকে চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা লাভ
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২ মে’: অসমৰ ইতিহাসভিত্তিক ডকুমেণ্টাৰী দ্য ব্যাটল অৱ কামৰূপয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এক গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। এই চলচ্চিত্ৰখনৰ নিৰ্দেশক পদ্মপানী বৰাই ২০২৬ চনৰ ১৬ সংখ্যক দাদা সাহেব ফালকে চলচ্চিত্ৰ উৎসৱ ২০২৬ ডকুমেণ্টাৰী শাখাত “শ্ৰেষ্ঠ চিত্ৰনাট্য” বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
এই ডকুমেণ্টাৰীখন ১২০৬ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা ৰজা পৃথু আক্রমণকাৰী বখতিয়াৰ খিলজীক পৰাস্ত কৰা ঐতিহাসিক ঘটনাৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনত অসমৰ প্ৰাচীন ইতিহাসক এক নতুন আৰু চিত্ৰনাট্যধর্মী ৰূপত উপস্থাপন কৰা হৈছে।
উল্লেখযোগ্য যে, পদ্মপানী বৰা এজন ভাৰতীয় ৰাজহ সেৱা (IRS) বিষয়া হোৱাৰ লগতে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁৰ আগ্ৰহ আৰু সৃজনশীলতা প্ৰকাশ কৰিছে। তেওঁ এই প্ৰকল্পটোৰ জৰিয়তে আঞ্চলিক ইতিহাসক অধিক জনপ্ৰিয় কৰাৰ চেষ্টা কৰিছে।
দাদা সাহেব ফালকে চলচ্চিত্ৰ উৎসৱ খন দেশৰ অন্যতম গুৰুত্বপূৰ্ণ মঞ্চ, য’ত স্বতন্ত্ৰ আৰু ডকুমেণ্টাৰী চলচ্চিত্ৰসমূহক সন্মান জনোৱা হয়। এই সফলতাই অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে।
