Global Assam News

Global and Local Assam News Website

কেৰালাত কংগ্ৰেছৰ নতুন মুখ্যমন্ত্ৰী ভিডি সতীশান

Oplus_131072

  • কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ভিডি সতীশানৰ নাম ঘোষণা
  • থিৰুৱনন্তপুৰমত অনুষ্ঠিত CLP বৈঠকত গৃহীত সিদ্ধান্ত
  • কংগ্ৰেছ উচ্চ নেতৃত্বৰ সৈতে আলোচনা পিছত চূড়ান্ত ঘোষণা
  • কেইবাদিন ধৰি চলি থকা ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পৰিল

বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত জল্পনা-কল্পনাৰ অৱসান

সমগ্ৰ সমাচাৰ সেৱা
কেৰালা, ১৪ মে’: ভি. ডি. সতীশনক কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে কংগ্ৰেছ নেতৃত্বই। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত মুখ্যমন্ত্ৰী পদক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱশেষত অন্ত পৰে এই সিদ্ধান্তৰ জৰিয়তে।

থিৰুৱনন্তপুৰমত অনুষ্ঠিত কংগ্ৰেছ বিধায়ক দলৰ (CLP) বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দলীয় উচ্চ নেতৃত্বৰ সৈতে বিস্তৃত আলোচনা আৰু পৰামৰ্শৰ পিছতেই ভিডি সতীশানৰ নামত সন্মতি প্ৰকাশ কৰা হয় বুলি জানিব পৰা গৈছে।

দলৰ ভিতৰত বিভিন্ন নামক লৈ আলোচনা চলি আছিল যদিও শেষত নেতৃত্বই সতীশানকেই ৰাজ্যৰ নেতৃত্ব দায়িত্ব দিয়াৰ সিদ্ধান্ত লয়। ৰাজনৈতিক মহলত এই ঘোষণাক অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চোৱা হৈছে।

কেৰালাত কংগ্ৰেছৰ এই সিদ্ধান্তৰ পিছত সমৰ্থকসকলৰ মাজত উৎসাহৰ সৃষ্টি হৈছে। আগন্তুক দিনত নতুন চৰকাৰে ৰাজ্যখনৰ উন্নয়ন, কৰ্মসংস্থান আৰু জনকল্যাণমূলক আঁচনিসমূহত বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি আশা প্ৰকাশ কৰিছে দলীয় কৰ্মীসকলে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *