পশ্চিমবংগ বিধানসভা নিৰ্বাচনত কড়া ব্যৱস্থা: ৫ আৰক্ষী বিষয়াক নিলম্বন
- ৫ আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন
- ডায়মণ্ড হাৰ্বাৰ অঞ্চলৰ একাধিক বিষয়া জড়িত
- নিৰ্বাচনী নিয়ম ভংগ আৰু পক্ষপাতিত্বৰ অভিযোগ
- ভাৰতীয় নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্দেশ
নির্বাচনী সময়ত শৃঙ্খলাভংগ আৰু নিৰপেক্ষতা ৰক্ষা নকৰাৰ অভিযোগত ভাৰত নিৰ্বাচন আয়োগৰ কঠোৰ পদক্ষেপ
সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ২৫ এপ্ৰিল: পশ্চিমবংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ মাজতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় নিৰ্বাচনী আয়োগে। নিৰ্বাচনী সময়ত শৃঙ্খলাভংগ আৰু নিৰপেক্ষতা বজাই ৰাখিবলৈ ব্যৰ্থ হোৱাৰ অভিযোগত ৫ জন আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।
নিলম্বিত বিষয়াসকলৰ ভিতৰত আছে ডায়মণ্ড হাৰ্বাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্দীপ গৰাই, SDPO সাজল মণ্ডল, ডায়মণ্ড হাৰ্বাৰ থানাৰ ইন্সপেক্টৰ-ইন-চাৰ্জ মৌসম চক্ৰৱৰ্তী, ফলতা থানাৰ ইন্সপেক্টৰ-ইন-চাৰ্জ অজয় বাগ আৰু উস্তি থানাৰ অফিচাৰ-ইন-চাৰ্জ সুবেচ্ছা বাগ।
সূত্রে জনোৱা মতে, এই বিষয়াসকলে নিৰ্বাচনী দায়িত্ব পালন কৰাৰ সময়ত নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হৈছিল আৰু কিছু ক্ষেত্ৰত আচৰণ বিধি উলংঘনৰ অভিযোগ উঠিছিল। এই ঘটনাই নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
নিৰ্বাচন আয়োগে স্পষ্টকৈ জনাইছে যে, নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ গাফিলতি বা পক্ষপাতিত্ব সহ্য কৰা নহ’ব। নিয়ম উলংঘন কৰা যিকোনো বিষয়া বা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অব্যাহত থাকিব।
এই পদক্ষেপে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে নিৰ্বাচনী প্ৰক্ৰিয়াক স্বচ্ছ আৰু নিৰপেক্ষ কৰি ৰাখিবলৈ আয়োগ।
