Global Assam News

Global and Local Assam News Website

আইপিএলত কঠোৰ নিয়ম জাৰি বিসিচিআইৰ

  • সকলো ১০টা আইপিএল ফ্ৰেঞ্চাইজীক ৮ পৃষ্ঠাৰ SOP জাৰি বিসিচিআইৰ
  • খেলুৱৈৰ হোটেল কক্ষত অনধিকৃত ব্যক্তিৰ প্ৰৱেশত নিষেধাজ্ঞা
  • “হানী ট্ৰেপ” আৰু সুৰক্ষা ঝুঁকিৰ বিষয়ে সতৰ্কতা
  • ডাগআউট আৰু ড্ৰেছিং ৰূমত ফ্ৰেঞ্চাইজী মালিকৰ প্ৰৱেশ নিয়ন্ত্ৰণ
  • নিয়ম ভংগে আইপিএল আৰু বিসিচিআইৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰিব পাৰে বুলি সতর্কবাণী

খেলুৱৈৰ হোটেল কক্ষত অনধিকৃত প্ৰৱেশ, ডাগআউটত নিয়ম ভংগক লৈ উদ্বিগ্ন ব’ৰ্ড

সমগ্ৰ সমাচাৰ সেৱা
অসম, ৮ মে’: আইপিএল ২০২৬ চলি থকাৰ মাজতে বিভিন্ন নিয়ম উলংঘনৰ অভিযোগৰ পাছত সকলো ১০টা ফ্ৰেঞ্চাইজীক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। বিসিচিআই সচিব দেৱজিৎ শইকীয়া ফ্ৰেঞ্চাইজীৰ CEOসকললৈ প্ৰেৰণ কৰা ৮ পৃষ্ঠাৰ এক পৰামৰ্শমূলক চিঠিত পেছাদাৰী আচৰণ, শৃংখলা, সুৰক্ষা সচেতনতা আৰু প্ৰট’কল মানি চলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

ব’ৰ্ডৰ Anti-Corruption and Security Unit (ACSU)-ৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত এই SOPত উল্লেখ কৰা হৈছে যে পুনৰাবৃত্ত নিয়ম ভংগে আইপিএল, সংশ্লিষ্ট ফ্ৰেঞ্চাইজী আৰু বিসিচিআইৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ লগতে আইনগত আৰু সুৰক্ষা জনিত বিপদো সৃষ্টি কৰিব পাৰে।

বিশেষকৈ খেলুৱৈসকলৰ হোটেল কক্ষত “অনধিকৃত ব্যক্তি” প্ৰৱেশ কৰা ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ব’ৰ্ডে। নতুন নিয়ম অনুসৰি টীম মেনেজাৰৰ লিখিত অনুমতি নোহোৱাকৈ কোনো অতিথিয়ে খেলুৱৈৰ কক্ষত প্ৰৱেশ কৰিব নোৱাৰিব। অতিথিসকলক কেৱল নিৰ্দিষ্ট পাব্লিক এৰিয়াতহে সাক্ষাৎ কৰাৰ অনুমতি থাকিব।
ইয়াৰ লগতে উচ্চ-প্ৰোফাইল ক্ৰীড়া পৰিবেশত “হানী ট্ৰেপ” বা লক্ষ্যভিত্তিক ফান্দ পাতি খেলুৱৈক বিপদত পেলোৱাৰ আশংকাৰ বিষয়েও ফ্ৰেঞ্চাইজীসমূহক সতৰ্ক কৰি দিছে বিসিচিআইয়ে।

আনহাতে, কিছুমান ফ্ৰেঞ্চাইজী মালিকে PMOA (Players and Match Officials Access) নিয়ম ভংগ কৰাৰ অভিযোগো উত্থাপন হৈছে। লাইভ মেচ চলি থকা সময়ত ডাগআউট, ড্ৰেছিং ৰূম বা খেলপথাৰত মালিক বা প্ৰতিনিধিৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *