এএছএছইবি ঘোষণা কৰিলে HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সূচী
Oplus_131072
- HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ ২৯ মে’ৰ পৰা
- পৰীক্ষা চলিব ৫ জুনলৈ
- দুটা শিফ্টত অনুষ্ঠিত হ’ব পৰীক্ষা
- পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু দুপৰীয়া
- ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ পৰীক্ষা
- শেষ দিনত কেৱল পুৱা শিফ্টত অনুষ্ঠিত হ’ব পৰীক্ষা
২৯ মে’ৰ পৰা আৰম্ভ হ’ব HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা ২০২৬
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৮ মে’: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB), Division-I-এ HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা ২০২৬-ৰ পূৰ্ণাঙ্গ সূচী ঘোষণা কৰিছে। ঘোষণা অনুসৰি, অহা ২৯ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই পৰীক্ষা ৫ জুনলৈ চলিব।
পৰিষদে জনোৱা অনুসৰি, পৰীক্ষাসমূহ দুটা শিফ্টত অনুষ্ঠিত হ’ব। পুৱা শিফ্ট অনুষ্ঠিত হ’ব ৯ বজাৰ পৰা ১২ বজালৈ, আনহাতে দুপৰীয়া শিফ্ট থাকিব ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ।
সূচী অনুসৰি, ২৯ মে’ত পুৱা এম আই এল/ ইংৰাজী (IL) আৰু দুপৰীয়াত আৰবী (E) আৰু পাৰ্চী (E)-ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ৩০ মে’ত পুৱা সমাজ বিজ্ঞান আৰু দুপৰীয়াত ভূগোল (E) আৰু ইতিহাস (E)-ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
২ জুনত সাধাৰণ গণিত আৰু দুপৰীয়াত সংস্কৃত (E), ৩ জুনত ইংৰাজী আৰু অসমীয়া (E), ৪ জুনত সাধাৰণ বিজ্ঞান আৰু Commerce (E)-ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
শেষ দিন ৫ জুনত পুৱা শিফ্টত হিন্দী, Advanced Mathematics (E) আৰু Computer Science (E)-ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদিনা দুপৰীয়া শিফ্টত কোনো পৰীক্ষা নাথাকিব। পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট সময়ৰ আগতেই কেন্দ্ৰত উপস্থিত থাকিবলৈ পৰিষদে আহ্বান জনাইছে।
