মণিপুৰৰ কামজং জিলাত সশস্ত্ৰ আক্ৰমণ
- ইণ্ডো-ম্যানমাৰ সীমান্তৰ কামজং জিলাত সশস্ত্ৰ আক্ৰমণ
- নামলী, ৱাংলী আৰু চোৰো গাঁৱত বহু ঘৰ জ্বলাই দিয়াৰ অভিযোগ
- বহু লোক পলায়ন, এজনী মহিলা আৰু ৩ ম্যানমাৰ নাগৰিক নিখোজ
- বিএছএফৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ
- শান্তি পুনৰস্থাপনৰ বাবে কঠোৰ ব্যৱস্থাৰ আশ্বাস
সীমান্তৱৰ্তী গাঁওসমূহত অগ্নিসংযোগ, আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
সমগ্ৰ সমাচাৰ সেৱা
মণিপুৰ, ৮ মে’: মণিপুৰৰ কামজং জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত সশস্ত্ৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে পুৱতি নিশা সশস্ত্ৰ উগ্ৰপন্থীয়ে নামলী, ৱাংলী আৰু চোৰো গাঁৱত আক্ৰমণ চলাই বহু ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
আক্ৰমণৰ পিছত বহু স্থানীয় বাসিন্দাই জীৱন ৰক্ষাৰ বাবে অঞ্চল ত্যাগ কৰিবলৈ বাধ্য হয়। ঘটনাটোত য়ুমনাম খেমচান্দ সিংএ গভীৰ উদ্বেগ প্ৰকাশ কৰি বিএছএফৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰে।
প্ৰতিবেদন অনুসৰি, কাংপাট গাঁওৰ এগৰাকী টাংখুল নাগা মহিলা আৰু ৱাংলী বজাৰত আশ্ৰয় লৈ থকা তিনিজন ম্যানমাৰ নাগৰিক নিখোজ হৈ আছে। আনহাতে, পূৰ্বে নিখোজ বুলি ধৰা এজন স্থানীয় লোক পিছত সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিছে।
মুখ্যমন্ত্ৰীয়ে এই হিংসাত্মক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে শান্তি পুনৰস্থাপন আৰু পৰিস্থিতি অধিক অৱনতি হোৱাটো ৰোধ কৰিবলৈ নিৰাপত্তা বাহিনীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰে।
