ডিব্ৰুগড়ত বৃহৎ অংগ পাচাৰ চক্ৰ ফাদিল, ৪ দালাল গ্ৰেপ্তাৰ
- ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ যৌথ অভিযান
- অবৈধ মানৱ অংগ পাচাৰ চক্ৰৰ ৪ অভিযুক্ত গ্ৰেপ্তাৰ
- কিডনী বিক্ৰীৰ বিনিময়ত টকা আৰু চাকৰিৰ প্ৰলোভন
- অভিযোগৰ ভিত্তিত অভিযান চলাই হাতেনাতে ধৰা
- অভিযানৰ নেতৃত্বত আছিল DSP ফৈজ আহমেদ
টকাৰ লোভ দেখুৱাই কিডনী বিক্ৰীৰ প্ৰলোভন, আৰক্ষীৰ যৌথ অভিযানত সফলতা
সমগ্ৰ সমাচাৰ সেৱা
অসম, ৮ মে’: অসম আৰক্ষীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড়ত এক বৃহৎ অবৈধ মানৱ অংগ পাচাৰ চক্ৰ ফাদিল কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় আৰক্ষী আৰু তিনিচুকীয়া আৰক্ষীৰ যৌথ অভিযানত এই চক্ৰৰ সৈতে জড়িত চাৰিজন কথিত দালালক গ্ৰেপ্তাৰ কৰা হয়।
গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হৈছে জাকিৰ হুছেইন (৫৩), শংকৰ চেন্টানু (২৮), সমীৰ পাল (৩৭) আৰু গোপাল ৰয় (৩১)। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তসকলে মাৰ্ঘেৰিটাৰ ৰাজীৱ দে’ (৩৫) নামৰ এজন ব্যক্তিক টকা আৰু চাকৰিৰ প্ৰলোভন দেখুৱাই তেওঁৰ কিডনী বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল।
ৰাজীৱ দে’ৰ পৰিয়ালে বিষয়টো সন্দেহ কৰি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে তদন্ত আৰম্ভ কৰা হয়। তিনিচুকীয়া জিলাৰ DSP ফৈজ আহমেদৰ নেতৃত্বত অভিযান চলাই ডিব্ৰুগড়ত অভিযুক্তসকলক হাতেনাতে গ্ৰেপ্তাৰ কৰা হয়।
অভিযানত ডিব্ৰুগড় আৰক্ষীয়েও গুৰুত্বপূৰ্ণ সহায় আগবঢ়ায়। আৰক্ষীয়ে জনোৱা মতে, এই চক্ৰৰ সৈতে আৰু অধিক লোক জড়িত থকাৰ সম্ভাৱনা আছে আৰু বিষয়টোত অধিক তদন্ত অব্যাহত আছে।
