Global Assam News

Global and Local Assam News Website

“৩২১ জন কৰ্মীৰ ত্যাগৰ ফলতেই এই বিজয়” — আবেগিক ভাষণত অমিত শ্বাহ

Oplus_131072

  • পশ্চিমবঙ্গত ২০১৪ চনৰ পৰা নিহত হোৱা ৩২১ জন বিজেপি কৰ্মীক স্মৰণ অমিত শ্বাহৰ
  • “বিজেপি কেৱল এটা দল নহয়, এটা পৰিয়াল” — শ্বাহ
  • ২০৬ খন আসন জয়ে প্ৰথমবাৰৰ বাবে পশ্চিমবঙ্গত চৰকাৰ গঠন বিজেপিৰ
  • নতুন বিধায়কৰ আগত আবেগিক ভাষণ দিয়ে গলা ৰুদ্ধ হৈ পৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী
  • “কৰ্মীসকলৰ ত্যাগ আৰু পৰিয়ালৰ সাহসেই এই ঐতিহাসিক বিজয়ৰ মূল শক্তি”
  • পশ্চিমবঙ্গত বিজেপিৰ ঐতিহাসিক জয়ৰ আঁৰত “ত্যাগৰ ইতিহাস” স্মৰণ

সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ৯ মে’: পশ্চিমবঙ্গত সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৬ খন আসন লাভ কৰি প্ৰথমবাৰৰ বাবে ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ পাছতে আবেগিক মুহূৰ্তৰ সৃষ্টি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত সাহে।

নতুনকৈ নিৰ্বাচিত বিজেপি বিধায়কৰ সৈতে অনুষ্ঠিত বৈঠকত ভাষণ প্ৰদান কৰি শ্বাহে ২০১৪ চনৰ পৰা পশ্চিমবঙ্গত নিহত হোৱা ৩২১ জন বিজেপি কৰ্মীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয়, “আজিৰ এই বিজয় সহজে অহা নহয়। বহু কৰ্মীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁলোকৰ ত্যাগৰ বাবেই আজি আমি ইয়াত উপস্থিত।”

ভাষণৰ সময়ত শ্বাহৰ কণ্ঠ আবেগত ৰুদ্ধ হৈ পৰে। তেওঁ নিহত কৰ্মীসকলৰ পৰিয়ালক “প্ৰকৃত নায়ক” বুলি উল্লেখ কৰি কয় যে বিজেপি কেৱল এটা ৰাজনৈতিক দল নহয়, ই এটা বৃহৎ পৰিয়াল।

উল্লেখ্য যে, প্ৰায় ১৫ বছৰৰ তৃণমূল কংগ্ৰেছৰ শাসনৰ অন্ত পেলাই বিজেপিয়ে এইবাৰ পশ্চিমবঙ্গত চৰকাৰ গঠন কৰিছে। ফলাফল ঘোষণাৰ পাছৰে পৰা ৰাজ্যজুৰি উদযাপনৰ পৰিৱেশ দেখা যায়।

শেষত নতুন বিধায়কৰ উদ্দেশ্যে শ্বাহে আহ্বান জনায় যে, যি সেৱা আৰু সংগ্ৰামৰ মানসিকতা লৈ দল আগবাঢ়িছিল, সেই আদৰ্শ নিয়েই ৰাজ্যবাসীৰ সেৱা কৰিব লাগিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *