Global Assam News

Global and Local Assam News Website

পশ্চিমবঙ্গত নতুন মন্ত্ৰীসকলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী

  • পশ্চিমবঙ্গ চৰকাৰৰ নতুন মন্ত্ৰীসকলক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী
  • দিলীপ ঘোষ, অগ্নিমিত্রা পাল, অশোক কীৰ্তনিয়া, ক্ষুদিৰাম টুডু আৰু নিশীথ প্ৰামাণিকক অভিনন্দন
  • তৃণমূল স্তৰত কৰা পৰিশ্ৰম আৰু জনসেৱাক প্ৰশংসা

ৰাজ্যৰ উন্নয়নযাত্ৰা অধিক শক্তিশালী হ’ব বুলি আশাবাদ

সমগ্ৰ সমাচাৰ সেৱা
কলকাতা, ১০ মে’: পশ্চিমবঙ্গ চৰকাৰৰ মন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰা বিজেপিৰ জ্যেষ্ঠ নেতা শ্ৰী দিলীপ ঘোষ, শ্ৰীমতী অগ্নিমিত্রা পাল, শ্ৰী অশোক কীৰ্তনিয়া, শ্ৰী ক্ষুদিৰাম টুডু আৰু শ্ৰী নিশীথ প্ৰামাণিকক আন্তৰিক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা বাৰ্তাত কয় যে, এই নেতাসকলে তৃণমূল স্তৰত অক্লান্ত পৰিশ্ৰম কৰাৰ লগতে সাধাৰণ জনতাৰ সেৱাত নিজকে নিয়োজিত কৰি আহিছে। তেওঁলোকৰ নিষ্ঠা আৰু জনসম্পৰ্কই পশ্চিমবঙ্গৰ ৰাজনীতিত এক শক্তিশালী ভূমিকা পালন কৰিছে বুলিও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে আত্মবিশ্বাস প্ৰকাশ কৰি কয় যে, মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এই নেতাসকলে পশ্চিমবঙ্গৰ উন্নয়নযাত্ৰাক অধিক গতিশীল আৰু শক্তিশালী কৰি তুলিব। ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণ আৰু সংগঠন শক্তিশালীকৰণৰ ক্ষেত্ৰতো তেওঁলোকৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, পশ্চিমবঙ্গত নতুন চৰকাৰ গঠনক লৈ ৰাজ্যজুৰি ৰাজনৈতিক উচ্ছ্বাস অব্যাহত আছে। নতুন মন্ত্ৰীসকলৰ শপথ গ্ৰহণ অনুষ্ঠানত বহু শীৰ্ষ বিজেপি নেতাও উপস্থিত

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *