পশ্চিমবঙ্গত লাউডস্পীকাৰ আৰু ৰাজহুৱা ধৰ্মীয় কাৰ্যকলাপৰ ওপৰত কড়া নিৰ্দেশ
Oplus_131072
- ধৰ্মীয় স্থানত লাউডস্পীকাৰৰ শব্দ নিয়ন্ত্ৰণৰ নিৰ্দেশ
- ৰাজপথ অৱৰোধ কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ কড়া সকীয়নি
- অবৈধ কয়লা-বে’লি খনন আৰু পশু সৰবৰাহৰ বিৰুদ্ধে ‘জিৰ’ ট’লাৰেন্স’ নীতি
- মহিলা নিৰ্যাতনৰ ঘটনাত কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
- মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত আৰক্ষীৰ সৈতে প্ৰথম বৈঠক শুভেন্দু অধিকাৰীৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ আৰক্ষীক বিশেষ দিশ-নিৰ্দেশ
সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ১৩ মে’: পশ্চিমবঙ্গৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ৰাজ্যৰ আৰক্ষীক ধৰ্মীয় স্থানত লাউডস্পীকাৰ ব্যৱহাৰ আৰু ৰাজপথত ধৰ্মীয় কাৰ্যসূচী সম্পৰ্কে কড়া নিৰ্দেশ জাৰি কৰিছে। নবান্নত অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত তেওঁ কয় যে ধৰ্মীয় স্থানৰ লাউডস্পীকাৰৰ শব্দ বাহিৰলৈ নাযাব লাগিব আৰু প্ৰাৰ্থনা সভাৰ বাবে সাধাৰণ মানুহে যান-জঁট বা অসুবিধাৰ সন্মুখীন হ’ব নালাগে।
যদিও চৰকাৰী নিৰ্দেশত মছজিদ বা নামাজৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা হোৱা নাই, তথাপি এই সিদ্ধান্তক লৈ ৰাজনৈতিক মহলত তীব্ৰ আলোচনা আৰম্ভ হৈছে। বিশেষ অনুষ্ঠানৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম থাকিব বুলি জানিব পৰা গৈছে।
এই বৈঠকত ৰাজ্যৰ DGP এছ এন গুপ্তা, ADG (আইন-শৃংখলা) অজয় ৰানাডে আৰু কলকাতা আৰক্ষী আয়ুক্ত অজয় নন্দ উপস্থিত আছিল। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক সকলো ক্ষেত্ৰতে সমানভাৱে আইন প্ৰয়োগ কৰাৰ নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰিও অবৈধ কয়লা আৰু বালি খনন, পশু সৰবৰাহ আৰু মহিলা বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰতো “জিৰ’ ট’লাৰেন্স” নীতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰা হয়। আৰক্ষীক এইসমূহ বিষয়ত কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে।
মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আৰক্ষী বিষয়াসকলৰ সৈতে এইখনেই আছিল শুভেন্দু অধিকাৰীৰ প্ৰথম আনুষ্ঠানিক বৈঠক।
