কেবিনেট বৈঠকৰ গুৰুত্বপূর্ণ সিদ্ধান্ত : ব্যয় সংকোচন নীতি গ্ৰহণ ৰাজ্য চৰকাৰৰ
- দেৱজিৎ লন শইকীয়াক পুনৰ ৫ বছৰৰ বাবে মহাধিবক্তা হিচাপে নিযুক্তি
- অহা ছমাহলৈ নতুন গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰ
- কোনো বিষয়াই ছমাহলৈ বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব
- ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ কনভয়ত বাহনৰ সংখ্যা হ্ৰাস কৰা হ’ব
- চৰকাৰে ২০ শতাংশ পেট্ৰ’ল-ডিজেল ব্যৱহাৰ কমাব
- বিদেশী সামগ্ৰী ক্ৰয়ত ছমাহীয়া নিষেধাজ্ঞা
মুখ্যমন্ত্ৰীৰ সংবাদমেলত একাধিক ডাঙৰ ঘোষণা
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৩ মে’: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি একাধিক গুৰুত্বপূর্ণ সিদ্ধান্ত ঘোষণা কৰে। সেই অনুসৰি দেৱজিৎ লন শইকীয়াক পুনৰ পাঁচ বছৰৰ বাবে অসমৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পাছতে ৰাজ্য চৰকাৰে ব্যয় সংকোচন নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। চৰকাৰী ব্যয় হ্ৰাস আৰু সম্পদ সংৰক্ষণৰ লক্ষ্যৰে অহা ছমাহলৈ নতুন গাড়ী ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱা হৈছে।
একেদৰে, এই সময়ছোৱাত কোনো চৰকাৰী বিষয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব বুলিও ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী খৰচ কমোৱাৰ উদ্দেশ্যে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহৃত বাহনৰ সংখ্যাও হ্ৰাস কৰা হ’ব।
ইয়াৰ উপৰিও চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ব্যৱহাৰ ২০ শতাংশ কমোৱাৰ লক্ষ্য স্থিৰ কৰিছে। লগতে অহা ছমাহলৈ কোনো বিদেশী সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে আত্মনিৰ্ভৰতা, মিতব্যয়িতা আৰু স্থানীয় সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে।
