কেৰালত মুখ্যমন্ত্ৰীক লৈ জল্পনা অব্যাহত
- কেৰাল বিধানসভা নিৰ্বাচনত UDF-ৰ বাম্পাৰ জয়
- মুখ্যমন্ত্ৰী পদৰ বাবে এতিয়াও চূড়ান্ত সিদ্ধান্ত নহয়
- দিল্লীত কংগ্ৰেছ হাইকমাণ্ডৰ ধাৰাবাহিক বৈঠক
- কেচি ভেণুগোপাল, ভিডি সতীশন আৰু ৰমেশ চেন্নিথলাৰ নাম চৰ্চাত
- ২৩ মে’ৰ ভিতৰত নতুন চৰকাৰ গঠন কৰাৰ চাপ বৃদ্ধি
কংগ্ৰেছৰ তিনিজন জ্যেষ্ঠ নেতাৰ নামক কেন্দ্ৰ কৰি তীব্ৰ মন্থন
সমগ্ৰ সমাচাৰ সেৱা
কেৰালা, ১৩ মে’: কেৰাল বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (UDF)-এ বিশাল জয় লাভ কৰাৰ পিছতো এতিয়াও ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব, সেয়া লৈ অনিশ্চয়তা অব্যাহত আছে। ৪ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত এ সপ্তাহতকৈ অধিক সময় পাৰ হৈ গ’লেও কংগ্ৰেছ হাইকমাণ্ডে এতিয়াও কোনো নামত চূড়ান্ত সন্মতি জনাব পৰা নাই।
এই পৰিস্থিতিত দিল্লীত কংগ্ৰেছৰ একাধিক জ্যেষ্ঠ নেতাক তলব কৰা হৈছে। কেৰাল প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি কে. মুৰলীধৰণে কয় যে অহা ৪৮ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত হ’ব পাৰে। তেওঁৰ এই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলত জল্পনা অধিক তীব্ৰ হৈ পৰিছে।
ইফালে KPCC-ৰ উপ-সভাপতি এপি অনিল কুমাৰ, শফী পৰম্বিল, পি চি বিষ্ণুনাথ আৰু তিৰুভাঞ্চুৰ ৰাধাকৃষ্ণণকো দিল্লীত আলোচনাৰ বাবে মাতি পঠোৱা হৈছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়ে কেইবাজনো শীৰ্ষ নেতাৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছে।
বৰ্তমান মুখ্যমন্ত্ৰী পদৰ দৌৰত মূলতঃ তিনিজন নেতাৰ নাম আগবাঢ়ি আছে— কে. চি. বেণুগোপাল, ভি. ডি. সতীচন, আৰু ৰমেশ চেন্নিথলা। সূত্ৰ অনুসৰি, অধিকাংশ কংগ্ৰেছ বিধায়কৰ সমৰ্থন কেচি ভেণুগোপালৰ দিশে আছে যদিও জনসাধাৰণৰ মাজত ভিডি সতীশন অধিক জনপ্ৰিয় বুলি ধৰা হয়।
১৪০ সদস্যীয় কেৰাল বিধানসভাত UDF-এ ১০২টা আসন লাভ কৰি দু-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে। ইয়াৰে কংগ্ৰেছে ৬৩টা আসন লাভ কৰাৰ লগতে IUML-এ ২২টা, কেৰালা কংগ্ৰেছে ৮টা আৰু RSP-এ ৩টা আসনত জয়ী হৈছে। এতিয়া সকলোৰে দৃষ্টি কংগ্ৰেছ হাইকমাণ্ডৰ চূড়ান্ত সিদ্ধান্তৰ ওপৰত নিবদ্ধ হৈ আছে।
