এইমছৰ ৫১তম সমাবর্তনত উপ-ৰাষ্ট্ৰপতিৰ ভাষণ
- এইমছ দিল্লীক চিকিৎসা উদ্ভাৱনৰ “মূল চালিকা শক্তি” বুলি অভিহিত উপ-ৰাষ্ট্ৰপতিৰ
- অতি কম ব্যয়ত উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে এইমছৰ প্ৰশংসা
- এণ্টাৰ্কটিকাত বিশ্বৰ প্ৰথম লাইভ ৰিম’ট টেলি-ৰ’বটিক আল্ট্ৰাছাউণ্ড সফলভাৱে সম্পন্ন
- নতুন স্নাতকসকলক চিকিৎসা জগতৰ ভৱিষ্যৎ নিৰ্ধাৰণৰ আহ্বান
চিকিৎসা বিজ্ঞানত ভাৰতক বিশ্বৰ আগশাৰীত লৈ যোৱাৰ আহ্বান
সমগ্ৰ সমাচাৰ সেৱা
দিল্লী, ১৩ মে’: নতুন দিল্লীত অনুষ্ঠিত হোৱা All India Institute of Medical Sciences-ৰ ৫১তম বাৰ্ষিক সমাবর্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে প্ৰতিষ্ঠানখনৰ চিকিৎসা বিজ্ঞানত অৱদানৰ উচ্চ প্ৰশংসা কৰে। তেওঁ কয় যে, বিগত ৭০ বছৰে এইমছ নতুন দিল্লীয়ে চিকিৎসা উদ্ভাৱন, আধুনিক চিকিৎসা পদ্ধতি আৰু ৰোগী সেৱাৰ ক্ষেত্ৰত দেশত সৰ্বোচ্চ মানদণ্ড স্থাপন কৰি আহিছে।
উপ-ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে, বিশ্বমানৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে এইমছে সাধাৰণ লোকৰ বাবে চিকিৎসাক যথেষ্ট সুলভ কৰি ৰাখিবলৈ সক্ষম হৈছে।
তেওঁ এইবছৰ এইমছৰ চিকিৎসক আৰু গৱেষক দলৰ এক উল্লেখযোগ্য সাফল্যৰ কথাও বিশেষভাৱে উল্লেখ কৰে। এণ্টাৰ্কটিকাৰ “মৈত্ৰী ৰিছাৰ্চ ষ্টেচন”ত অৱস্থিত এজন ব্যক্তিৰ ওপৰত বিশ্বৰ প্ৰথম লাইভ ৰিম’ট টেলি-ৰ’বটিক আল্ট্ৰাছাউণ্ড সফলভাৱে সম্পন্ন কৰাটো চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক নতুন মাইলষ্টোন বুলি তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত নতুন স্নাতকসকলক উদ্দেশ্য কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে, তেওঁলোকে এইমছৰ গৌৰৱময় ঐতিহ্য অক্ষুণ্ণ ৰাখি কেৱল বিশ্বৰ সৈতে খোজ মিলাই নহয়, চিকিৎসা বিজ্ঞানৰ ভৱিষ্যৎ দিশ নিৰ্ধাৰণতো নেতৃত্ব দিব লাগিব।
