অসমত ৰাজনৈতিক তৎপৰতা
- মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে জাল নথি ব্যৱহাৰৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ পৱন খেড়া
- কংগ্ৰেছ নেতা পৱন খেড়া ক্ৰাইম ব্ৰাঞ্চৰ আগত হাজিৰ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে জাল নথি ব্যৱহাৰৰ অভিযোগ
- পূৰ্বে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা দি আগাম জামিন দিছিল উচ্চতম ন্যায়ালয়ে
ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত নতুন চাঞ্চল্য
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৩ মে’: অসমৰ ৰাজনীতিত পুনৰ তীব্ৰ আলোচনা সৃষ্টি কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পবন খেড়া আজি ক্ৰাইম ব্ৰাঞ্চৰ আগত হাজিৰ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে জাল নথি ব্যৱহাৰৰ অভিযোগত চলি থকা তদন্তৰ অংশ হিচাপে তেওঁক জেৰাৰ বাবে মাতি পঠোৱা হৈছিল বুলি জানিব পৰা গৈছে।
এই গোচৰটোক লৈ পূৰ্বে উচ্চতম ন্যায়ালয়ে পৱন খেড়াক আগাম জামিন প্ৰদান কৰিছিল। আদালতে স্পষ্টভাৱে কৈছিল যে তদন্ত চলি থাকিলেও তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। তাৰ পাছতেই আজি তেওঁ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত উপস্থিত হয়।
উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে জড়িত এক বিষয়ত কংগ্ৰেছ নেতাজনে কিছু নথি আৰু তথ্য ৰাজহুৱা কৰিছিল। সেই নথিসমূহ জাল বা বিভ্ৰান্তিকৰ বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
ইফালে, ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ শাসক-বিৰোধী ৰাজনীতি অধিক উত্তপ্ত হৈ উঠিছে। কংগ্ৰেছে ইয়াক ৰাজনৈতিক প্ৰতিহিংসা বুলি দাবী কৰাৰ বিপৰীতে বিজেপিয়ে আইনী প্ৰক্ৰিয়াক স্বাভাৱিক বুলি মন্তব্য কৰিছে।
