পশ্চিমবঙ্গত পশু জবাই নিয়ম অধিক কঠোৰ
- পশ্চিমবঙ্গ চৰকাৰে জাৰি কৰিলে সংশোধিত জনসাধাৰণৰ জাননী
- চৰকাৰী প্ৰমাণপত্ৰ অবিহনে পশু জবাই নিষিদ্ধ
- ৰাজহুৱা স্থানত খোলা আকাশৰ তলত জবাই সম্পূৰ্ণ বন্ধ
- অনুমোদিত কসাইখানা বা নিৰ্দিষ্ট স্থানতহে জবাইৰ অনুমতি
- নিয়ম ভংগ কৰিলে আইনী ব্যৱস্থা আৰু জৰিমনাৰ সতৰ্কবাণী
চৰকাৰৰ নতুন নিৰ্দেশনা, অনুমতি অবিহনে জবাই নিষিদ্ধ
সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ১৪ মে’: পশ্চিমবংগ চৰকাৰে West Bengal Animal Slaughter Control Act, 1950ৰ অধীনত এক সংশোধিত জনসাধাৰণৰ জাননী জাৰি কৰি পশু জবাই সম্পৰ্কীয় নিয়ম অধিক কঠোৰ কৰিছে। নতুন নিৰ্দেশনা অনুসৰি চৰকাৰী প্ৰমাণপত্ৰ অবিহনে কোনো গৰু, ম’হ, বাছুৰ, উট, বলদ বা ষাঁড় জবাই কৰিব নোৱাৰিব।
চৰকাৰী জাননীত স্পষ্টকৈ কোৱা হৈছে যে পশুটো জবাইৰ উপযোগী বুলি অধিকৃত কৰ্তৃপক্ষই প্ৰমাণপত্ৰ দিয়াৰ পিছতহে জবাইৰ অনুমতি দিয়া হ’ব।
ইয়াৰ উপৰিও, খোলা ৰাজহুৱা স্থানত পশু জবাই সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। চৰকাৰে কৈছে যে কেৱল অনুমোদিত কসাইখানা অথবা আইনী নিৰ্দেশনা অনুসৰি স্বীকৃত স্থানতহে জবাই কাৰ্য সম্পন্ন কৰিব পাৰিব।
স্থানীয় পৌৰসভা আৰু অন্যান্য স্থানীয় সংস্থাসমূহক এই নিয়মসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰে সতৰ্ক কৰি দিছে যে নিয়ম উলংঘা কৰিলে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জৰিমনাও আৰোপ কৰা হ’ব। এই নতুন সিদ্ধান্তক লৈ ৰাজ্যজুৰি বিভিন্ন মহলত আলোচনা আৰম্ভ হৈছে।
