Global Assam News

Global and Local Assam News Website

চাউলৰ মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ ৰাইজ

Oplus_131072

  • বজাৰত পুনৰ বৃদ্ধি পালে চাউলৰ মূল্য
  • ২০ কেজি বেগত ৮০-১০০ টকালৈ মূল্যবৃদ্ধি
  • ৰামপাল চাউলৰ মূল্য ১,৮০০ টকাৰ পৰা বৃদ্ধি পাই ১,৯০০ টকা
  • সোনাশক্তি চাউলতো প্ৰতিবেগত ১০০ টকাৰ বৃদ্ধি
  • মূল্যবৃদ্ধিৰ ফলত চিন্তিত মধ্যবিত্ত আৰু নিম্ন আয়ৰ পৰিয়াল

২০ কেজি বেগত ৮০ৰ পৰা ১০০ টকালৈ বৃদ্ধি, বিভিন্ন ব্ৰেণ্ডৰ দৰত উৰ্ধ্বগতি

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৬ মে’: বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি অব্যাহত থকাৰ মাজতে এইবাৰ বৃদ্ধি পালে চাউলৰ দাম। বিভিন্ন ব্ৰেণ্ডৰ ২০ কেজি চাউলৰ বেগত ৮০ টকাৰ পৰা ১০০ টকালৈ মূল্যবৃদ্ধি হোৱা বুলি ব্যৱসায়ীসকলে জানিবলৈ দিয়ে।

জনপ্ৰিয় ৰামপাল চাউলৰ মূল্য পূৰ্বে ১,৮০০ টকা আছিল যদিও বৰ্তমান ইয়াৰ মূল্য বৃদ্ধি পাই ১,৯০০ টকালৈ উন্নীত হৈছে। একেদৰে সোনাশক্তি চাউলৰ ক্ষেত্ৰতো প্ৰতিটো বেগত প্ৰায় ১০০ টকাৰ বৃদ্ধি লক্ষ্য কৰা গৈছে।

ব্যৱসায়ীসকলৰ মতে, পৰিবহণ ব্যয় বৃদ্ধি, যোগান ব্যৱস্থাৰ সমস্যা আৰু বজাৰত চাহিদা বৃদ্ধিৰ ফলতেই এই মূল্যবৃদ্ধি সংঘটিত হৈছে। আনহাতে, সাধাৰণ গ্ৰাহকসকলে এই আকস্মিক মূল্যবৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন আয়ৰ পৰিয়ালসমূহে খাদ্য সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ ফলত অধিক আৰ্থিক চাপৰ সন্মুখীন হ’বলগীয়া হৈছে। বহুতে চৰকাৰক বজাৰ নিয়ন্ত্ৰণ আৰু মূল্যবৃদ্ধি ৰোধত কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *