অসমত নগৰীয়া বানৰ সংহাৰ
Oplus_131072
- অসমত অব্যাহত ধাৰাসাৰ বৰষুণ, বহু ঠাইত নগৰীয়া বান পৰিস্থিতি
- ২৩,৬১৯ জন লোক নগৰীয়া বানত ক্ষতিগ্ৰস্ত
- কাচাৰ জিলাত সৰ্বাধিক ১৫ হাজাৰতকৈ অধিক লোক প্ৰভাৱিত
- শ্ৰীভূমিত SDRF-এ উদ্ধাৰ কৰিলে ৫৩ জন লোক আৰু ৩টা জীৱ-জন্তু
- কাচাৰ, শ্ৰীভূমি, হাইলাকান্দি আৰু ডিমা হাছাওত ‘অৰেঞ্জ এলাৰ্ট’
- ৰাজ্যৰ ২০ জিলাত ‘ইয়েল’ এলাৰ্ট জাৰি IMDৰ
অধিক বৰষুণৰ পূৰ্বাভাস IMDৰ, ২০ জিলাত ‘ইয়েল’ এলাৰ্ট জাৰি
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৬ মে’: অসমত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা নগৰীয়া বানত ২৩ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ ফলত জলাবদ্ধতা আৰু বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি শুকুৰবাৰে জানিবলৈ দিয়ে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA)।
ASDMAৰ তথ্য অনুসৰি, কামৰূপ মহানগৰ, শ্ৰীভূমি আৰু কাচাৰ জিলাত নগৰীয়া বানৰ ঘটনা সংঘটিত হৈছে। এই তিনিখন জিলাৰ ৪টা ৰাজহ চক্ৰ আৰু ১২খন গাঁও বানপানীত প্লাৱিত হৈছে।
সৰ্বাধিক ক্ষতিগ্ৰস্ত কাচাৰ জিলাত ১৫,৬১৭ জন লোক বানৰ কবলত পৰিছে। আনহাতে শ্ৰীভূমি জিলাত ৮,০০২ জন লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত নগৰীয়া বানৰ ফলত কোনো লোকৰ মৃত্যু বা নিখোজ হোৱাৰ খবৰ পোৱা হোৱা নাই বুলি ASDMA-এ জানিবলৈ দিয়ে।
শ্ৰীভূমি জিলাত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF)-এ নাওৰ সহায়ত ৫৩ জন বানাক্ৰান্ত লোক আৰু ৩টা জীৱ-জন্তুক উদ্ধাৰ কৰে।
ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (RMC), গুৱাহাটীয়ে আগন্তুক ২৪ ঘণ্টাৰ বাবে শ্ৰীভূমি, হাইলাকান্দি, কাচাৰ আৰু ডিমা হাছাও জিলাত ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে। এই এলাৰ্ট অনুসৰি বজ্ৰপাত, ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগৰ বতাহ আৰু প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰিও ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, উদালগুৰি, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ‘ইয়েল’ এলাৰ্ট’ জাৰি কৰা হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেইবাদিনো ৰাজ্যৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰসহ বতৰৰ সম্ভাৱনা ব্যক্ত কৰিছে।
