বিহাৰত মানব সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অভিযান, উদ্ধাৰ অসমৰ ৫ যুৱতী
Oplus_131072
- বিহাৰৰ সাৰণ জিলাত চলিল উদ্ধাৰ অভিযান
- অসমৰ ৫ যুৱতীক মানব সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ
- গুৱাহাটী, মৰিগাঁও আৰু নগাঁওৰ বাসিন্দা উদ্ধাৰ হোৱা যুৱতীসমূহ
- ভুৱা বয়সৰ প্ৰমাণপত্ৰ জব্দ তদন্তকাৰী সংস্থাৰ
- অধিক দৰমহা আৰু ঋণৰ প্ৰলোভনেৰে চলিছিল ফান্দ
- যোৱা এবছৰত ৩০ৰ অধিক যুৱতীক উদ্ধাৰ কৰা হৈছে
অৰ্কেষ্ট্ৰা-নৃত্য দলৰ নামত চলিছিল সৰবৰাহৰ জাল
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৬ মে’: বিহাৰত চলি থকা অৰ্কেষ্ট্ৰা-কাম-নৃত্য দলৰ আড়ালত মানব সৰবৰাহ চক্ৰৰ বিৰুদ্ধে পুনৰ এক বৃহৎ অভিযান চলাই অসমৰ ৫ গৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান বিহাৰৰ সাৰণ জিলাত চলোৱা হয়।
এই অভিযান মিছন মুক্তি ফাউণ্ডেশ্যন নামৰ এক অধিকাৰ সংগঠনে ৰেচকিউ এণ্ড ৰিলিফ ফাউণ্ডেশ্যন, ৰেচকিউ ফাউণ্ডেশ্যন, এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট (AHTU) আৰু স্থানীয় আৰক্ষীৰ সহযোগত সম্পন্ন কৰে।
উদ্ধাৰ হোৱা যুৱতীসকল অসমৰ গুৱাহাটী, মৰিগাঁও আৰু নগাঁও জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তদন্তকাৰী সংস্থাই জানিবলৈ দিয়া মতে, এই মানব সৰবৰাহ চক্ৰই যুৱতীসকলক চাকৰিৰ প্ৰলোভন দেখুৱাই বিহাৰলৈ লৈ গৈছিল।
অভিযান চলোৱাৰ সময়ত উদ্ধাৰ হোৱা যুৱতীসকলৰ ওচৰত কিছু ভুৱা বয়সৰ প্ৰমাণপত্ৰ উদ্ধাৰ কৰা হয়। অভিযোগ অনুসৰি, সৰবৰাহকাৰীয়ে নাবালিকা বা কম বয়সীয়া যুৱতীক প্ৰাপ্তবয়স্ক দেখুৱাবলৈ এই ভুৱা নথি ব্যৱহাৰ কৰিছিল।
মিছন মুক্তি ফাউণ্ডেশ্যনৰ সঞ্চালক বীৰেন্দ্ৰ কুমাৰ সিঙে জনোৱা মতে, দালালৰ জৰিয়তে সহজ-সৰল পৰিয়ালৰ যুৱতীসকলক অধিক দৰমহা, উন্নত চাকৰি আৰু কোনো লিখিত চুক্তি নোহোৱাকৈ ঋণ দিয়াৰ প্ৰলোভন দেখুৱাই এই চক্ৰই ফান্দ পেলাই আহিছে।
উল্লেখ্য যে, যোৱা এবছৰত বিহাৰত চলা এনে অভিযানত অসমৰ ৩০ৰ অধিক যুৱতীক উদ্ধাৰ কৰা হৈছে। আৰক্ষী আৰু সংশ্লিষ্ট সংস্থাই এই চক্ৰৰ মূল অভিযুক্তসকলক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।
