গুৱাহাটীলৈ আহিল প্ৰথম AI-চালিত ‘ফাইজিটেল’ বেংক শাখা
- গুৱাহাটীত আৰম্ভ হ’ল অসমৰ প্ৰথম AI-চালিত ‘ফাইজিটেল’ বেংক শাখা
- জি এছ ৰোডত নতুন শাখাৰ উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
- কাগজবিহীন লেনদেন আৰু স্বয়ংক্ৰিয় অনবোর্ডিং সুবিধা
- ডিজিটেল অসম গঢ়াৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ
- সাধাৰণ নাগৰিকক প্রযুক্তিনির্ভৰ বেংকিং সেৱা প্ৰদানৰ লক্ষ্য
জি এছ ৰোডত স্লাইচ স্মল ফাইনেন্স বেংকৰ অত্যাধুনিক শাখাৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৬ মে’: অসমৰ ৰাজধানী গুৱাহাটীত ডিজিটেল বেংকিং ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জি এছ ৰোডত স্লাইচ স্মল ফাইনেন্স বেংকৰ প্ৰথম AI-চালিত ‘ফাইজিটেল’ বেংক শাখাৰ উদ্বোধন কৰে।
এই অত্যাধুনিক শাখাই শাৰীৰিক বেংকিং সুবিধাৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা (AI) প্রযুক্তিক একেলগে সংযোগ কৰিছে। ‘ফাইজিটেল’ মডেলৰ জৰিয়তে গ্ৰাহকে ডিজিটেল আৰু অফলাইন—দুয়ো ধৰণৰ সুবিধা একেলগে লাভ কৰিব পাৰিব।
নতুন শাখাটোৰ বিশেষত্ব হৈছে সম্পূৰ্ণ কাগজবিহীন লেনদেন ব্যৱস্থা, স্বয়ংক্ৰিয় গ্ৰাহক অনবোর্ডিং আৰু দ্রুত বেংকিং সেৱা। ইয়াৰ ফলত গ্ৰাহকৰ সময় সঞ্চয় হোৱাৰ লগতে বেংকিং প্ৰক্ৰিয়া অধিক সহজ আৰু স্বচ্ছ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে অসমত প্রযুক্তিনির্ভৰ উন্নয়ন আৰু উদ্ভাৱনমূলক উদ্যোগক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই নতুন উদ্যোগে সাধাৰণ নাগৰিকৰ দুৱাৰমুখলৈ আধুনিক আৰ্থিক সেৱা কঢ়িয়াই নিয়াত সহায় কৰিব বুলিও তেওঁ উল্লেখ কৰে।
এই পদক্ষেপক অসমৰ ডিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলফলক হিচাপে গণ্য কৰা হৈছে।
