নবম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে দুটা ভাৰতীয় ভাষা বাধ্যতামূলক কৰিলে CBSE
- নবম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ‘থ্ৰী-লেংগুৱেজ ফৰ্মুলা’ বাধ্যতামূলক
- অন্ততঃ দুটা ভাৰতীয় ভাষা অধ্যয়ন কৰিব লাগিব
- দশম শ্ৰেণীত তৃতীয় ভাষাৰ ব’ৰ্ড পৰীক্ষা নহ’ব
- মূল্যায়ন স্কুলভিত্তিক হ’ব, ফলাফল চূড়ান্ত চাৰ্টিফিকেটত উল্লেখ থাকিব
১ জুলাই ২০২৬ৰ পৰা কার্যকৰী হ’ব নতুন ভাষানীতি
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৬ মে’: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড Central Board of Secondary Education (CBSE)-এ শিক্ষাব্যৱস্থাত এক গুৰুত্বপূর্ণ সংস্কাৰ ঘোষণা কৰিছে। ব’ৰ্ডে জনোৱা অনুসৰি, ২০২৬ চনৰ ১ জুলাইৰ পৰা নবম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ বাবে ‘থ্ৰী-লেংগুৱেজ ফৰ্মুলা’ কার্যকৰী কৰা হ’ব।
নতুন নীতিমালাৰ অধীনত শিক্ষাৰ্থীয়ে অন্ততঃ দুটা ভাৰতীয় ভাষা অধ্যয়ন কৰিব লাগিব। এই সিদ্ধান্ত National Education Policy (NEP) ২০২০ আৰু NCF-SE ২০২৩ৰ সৈতে সামঞ্জস্য ৰাখি গ্ৰহণ কৰা হৈছে।
CBSE-ৰ মতে, এই পদক্ষেপৰ মূল লক্ষ্য হৈছে শিক্ষাৰ্থীৰ মাজত বহুভাষিকতা, সাংস্কৃতিক সচেতনতা আৰু ভাৰতীয় ভাষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা। লগতে পৰীক্ষাৰ চাপ হ্ৰাস কৰাৰ দিশতো বিশেষ গুৰুত্ব দিয়া হৈছে।
ব’ৰ্ডে স্পষ্ট কৰি দিছে যে দশম শ্ৰেণীত তৃতীয় ভাষাৰ কোনো ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত নহ’ব। ইয়াৰ মূল্যায়ন সংশ্লিষ্ট বিদ্যালয়ৰ দ্বাৰাই আভ্যন্তৰীণভাৱে কৰা হ’ব যদিও ফলাফল চূড়ান্ত প্ৰমাণপত্ৰত অন্তর্ভুক্ত থাকিব।
ইফালে, বিদ্যালয়সমূহক CBSE-ৰ অনুমোদিত তালিকাৰ পৰা ভাষা বাছনি কৰাৰ স্বাধীনতা দিয়া হৈছে। লগতে নতুন ব্যৱস্থা সুচাৰুৰূপে কাৰ্যকৰী কৰিবলৈ আঞ্চলিক ভাষাৰ সহায়ক শিক্ষাসামগ্ৰী প্ৰস্তুতৰ নিৰ্দেশনাও জাৰি কৰিছে ব’ৰ্ডে।
