Global Assam News

Global and Local Assam News Website

NASA ভ্ৰমণৰ সুবিধা লাভ কলিয়াবৰৰ ছাত্রৰ

Oplus_131072

  • NASA ভ্ৰমণলৈ নিৰ্বাচিত কলিয়াবৰৰ ছাত্র জোনাকজ্যোতি বৰদলৈ
  • কলিয়াবৰৰ শংকুকল বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্র
  • ২০২৬ চনৰ ডিচেম্বৰ মাহত NASA ভ্ৰমণ কৰিব
  • সৰ্বভাৰতীয় স্তৰত সফলতা অর্জন কৰি গৌৰৱ কঢ়িয়ালে অসমলৈ

জোনাকজ্যোতিয়ে উজলিল অসমৰ নাম, ২০২৬ত যাব NASA লৈ

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৬ মে’: অসমৰ কলিয়াবৰৰ এগৰাকী কণমানি ছাত্রই নিজৰ প্ৰতিভাৰে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱ। কলিয়াবৰৰ শংকুকল বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্র জোনাকজ্যোতি বৰদলৈ NASA ভ্ৰমণৰ এক বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, সৰ্বভাৰতীয় স্তৰত অনুষ্ঠিত এক বিশেষ বিজ্ঞানভিত্তিক কাৰ্যসূচীত উৎকৃষ্ট প্ৰদৰ্শন কৰি জোনাকজ্যোতিয়ে এই সাফল্য অর্জন কৰে। তেওঁৰ এই সফলতাই বিদ্যালয়খনৰ লগতে সমগ্ৰ কলিয়াবৰ অঞ্চলত আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

২০২৬ চনৰ ডিচেম্বৰ মাহত জোনাকজ্যোতি NASA ভ্ৰমণলৈ যাব বুলি জানিব পৰা গৈছে। মহাকাশ বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত অধিক জ্ঞান আহৰণৰ এই সুযোগে তেওঁৰ ভৱিষ্যৎ জীৱনত নতুন দিশ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে শিক্ষক আৰু অভিভাৱকসকলে।
ছাত্ৰজনৰ এই কৃতিত্বক লৈ বিদ্যালয় কৰ্তৃপক্ষ, স্থানীয় বাসিন্দা আৰু শুভাকাংক্ষীসকলে আনন্দ প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *