অখিল গগৈক আমন্ত্ৰণ নোপোৱাৰ অভিযোগে ৰাজ্যৰ ৰাজনীতিত চৰ্চা
- শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ নোপোৱাৰ অভিযোগ অখিল গগৈৰ
- “দুইবাৰ নিৰ্বাচিত MLA হয়েও আমন্ত্ৰণ নাপালোঁ” — অখিল গগৈ
- অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বহু মুখ্যমন্ত্ৰী
- ঘটনাক লৈ নতুন ৰাজনৈতিক বিতৰ্ক আৰম্ভ
মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ ৰাইজৰ দলৰ বিধায়কৰ
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১২ মে’:গুৱাহাটী খানাপাৰাৰ ভেটেৰিনাৰী ফিল্ডত অনুষ্ঠিত হোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি নতুনকৈ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে। ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে অভিযোগ উত্থাপন কৰি কয় যে তেওঁ অনুষ্ঠানলৈ কোনো আমন্ত্ৰণ লাভ কৰা নাছিল।
মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে, “দুইবাৰ নিৰ্বাচিত বিধায়ক হৈও এনে গুৰুত্বপূর্ণ ৰাজ্যিক অনুষ্ঠানলৈ আমন্ত্ৰণ নোপোৱাটো আশ্চৰ্যজনক।” তেওঁ প্ৰশ্ন তোলে যে মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ দৰে গুৰুত্বপূর্ণ অনুষ্ঠানত এজন বৰ্তমানৰ MLA-ক কিয় বাদ দিয়া হ’ল।
তেওঁ আৰু উল্লেখ কৰে যে দেশৰ প্ৰায় ২০খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, হাজাৰ হাজাৰ বিজেপি নেতা-কৰ্মী আৰু বহু অতিথিক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। এনে পৰিস্থিতিত এজন বিধায়কক আমন্ত্ৰণ নকৰাটো লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, NDA-ৰ শীৰ্ষ নেতা, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিদেশী অতিথিসকল উপস্থিত আছিল। ইফালে, হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
