গুৱাহাটীৰ উন্মুক্ত নলা-নৰ্দমা বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
Oplus_131072
- গুৱাহাটী মহানগৰৰ প্ৰতিটো উন্মুক্ত নলা-নৰ্দমা বন্ধ কৰাৰ নিৰ্দেশ
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি
- ২৫ মে’ৰ ভিতৰত অগ্ৰগতিৰ খতিয়ান দাখিল কৰিবলৈ নিৰ্দেশ
- যিকোনো মুহূর্ততে আদালতত তথ্য দাখিলৰ বাবে সাজু থাকিবলৈ কোৱা হৈছে প্ৰশাসনক
কঠোৰ স্থিতিত গুৱাহাটী উচ্চ ন্যায়ালয়
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১২ মে’: গুৱাহাটী মহানগৰত উন্মুক্ত হৈ থকা নলা-নৰ্দমাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মহানগৰৰ বিভিন্ন অঞ্চলত উন্মুক্ত নলা-নৰ্দমাৰ ফলত সাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যাক গুৰুত্ব সহকাৰে লৈ আদালতে প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।
আদালতে স্পষ্টকৈ কৈছে যে গুৱাহাটীত উন্মুক্ত হৈ থকা প্ৰতিটো নলা শীঘ্ৰে বন্ধ কৰাৰ বাবে পদক্ষেপ ল’ব লাগিব। এই সন্দৰ্ভত ২৫ মে’ৰ ভিতৰত কি কি কাম সম্পন্ন হৈছে তাৰ অগ্ৰগতিৰ খতিয়ান আদালতত দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
উচ্চ ন্যায়ালয়ে লগতে কয় যে প্ৰয়োজন অনুসৰি যিকোনো মুহূর্ততে আদালতত তথ্য দাখিল কৰিবলৈ প্ৰশাসন সাজু থাকিব লাগিব। আদালতৰ এই নিৰ্দেশৰ পিছত গুৱাহাটী পৌৰ নিগম আৰু সংশ্লিষ্ট বিভাগসমূহৰ ওপৰত চাপ বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে মহানগৰৰ বহু ঠাইত এতিয়াও উন্মুক্ত নলা-নৰ্দমাৰ সমস্যা অব্যাহত আছে। বৰষুণৰ সময়ত এই সমস্যা অধিক ভয়াবহ ৰূপ লয় আৰু সাধাৰণ জনতাৰ যাতায়াতত অসুবিধাৰ সৃষ্টি কৰে।
