অসমৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় নেতৃত্ব
- শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
- নিশা ১০ বজাত গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী
- সন্ধিয়া ৫ বজাত আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
- ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ
আজি গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ আৰু ৰাজনাথ সিং
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১১ মে’: অসমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি ৰাজ্যত ইতিমধ্যে উৎসাহৰ পৰিবেশ বিৰাজ কৰিছে। এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। জানিব পৰা মতে, নিশা প্ৰায় ১০ বজাত গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী।
ইফালে, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংও আজি সন্ধিয়া ৫ বজাত গুৱাহাটীত উপস্থিত হ’ব। দুয়োগৰাকী কেন্দ্ৰীয় নেতাই অসমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
১২ মে’ত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানক লৈ ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। অনুষ্ঠানস্থলী আৰু গুৱাহাটীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বিজেপি নেতৃত্বাধীন নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি, দলীয় নেতা-কৰ্মী আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতিৰ সম্ভাৱনা আছে। অনুষ্ঠানটোক লৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ দেখা গৈছে।
