কাঠমাণ্ডু বিমানবন্দৰত তুৰ্কি এয়াৰলাইন্সৰ বিমানত জুই
Oplus_131072
- নেপালৰ কাঠমাণ্ডুত তুৰ্কি এয়াৰলাইন্সৰ বিমানত অগ্নিকাণ্ড
- অৱতৰণৰ সময়তে বিমানখনৰ টায়াৰত লাগে জুই
- বিমানখনত আছিল ২৭৮ গৰাকী যাত্ৰী আৰু ১১ গৰাকী ক্ৰু সদস্য
- সকলো যাত্ৰী আৰু ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ
অৱতৰণৰ সময়তে টায়াৰত জুই লাগি সৃষ্টি হয় আতংক
সমগ্ৰ সমাচাৰ সেৱা
নেপাল, ১১ মে’: নেপালৰ ৰাজধানী কাঠমাণ্ডুত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা অল্পৰ বাবে ৰক্ষা পৰিল শতাধিক যাত্ৰী। Tribhuvan International Airport-ত অৱতৰণৰ সময়তে তুৰ্কি এয়াৰলাইন্সৰ এখন বিমানৰ টায়াৰত হঠাতে জুই লাগে।
ঘটনাটোৰ পিছতে বিমানবন্দৰত সৃষ্টি হয় আতংকৰ পৰিবেশ। বিমানখনত মুঠ ২৭৮ গৰাকী যাত্ৰী আৰু ১১ গৰাকী ক্ৰু সদস্য আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে তৎপৰতাৰে বিমানবন্দৰ কৰ্তৃপক্ষ আৰু জৰুৰীকালীন সেৱাই সকলো যাত্ৰী আৰু ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
প্ৰাথমিক তথ্য অনুসৰি, বিমানখন অৱতৰণ কৰাৰ সময়তে টায়াৰৰ অংশত যান্ত্ৰিক ত্ৰুটিৰ ফলত জুইৰ সূত্রপাত হয়। লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
এই ঘটনাৰ পিছত কিছু সময়ৰ বাবে বিমানবন্দৰৰ বিমান চলাচল ব্যাহত হয়। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি বিমানবন্দৰ সূত্ৰে জানিবলৈ দিছে।
