Global Assam News

Global and Local Assam News Website

অসমত পেট্ৰ’ল-ডিজেল আৰু LPGৰ যোগান স্বাভাৱিক, আতংকৰ কোনো কাৰণ নাই

Oplus_131072

  • অসমত পেট্ৰ’ল, ডিজেল আৰু LPGৰ যোগান স্বাভাৱিক অৱস্থাত আছে
  • IOCL, BPCL আৰু HPCL-এ বজাই ৰাখিছে পৰ্যাপ্ত ইন্ধন মজুত
  • ৰাজ্যজুৰি সকলো যোগান কেন্দ্ৰত অব্যাহত আছে ইন্ধনৰ সরবৰাহ
  • জনসাধাৰণক অযথা আতংকিত নহ’বলৈ আহ্বান

ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে বজাই ৰাখিছে পৰ্যাপ্ত মজুত

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৮ মে’: অসমত অত্যাৱশ্যকীয় পেট্ৰ’লিয়াম সামগ্ৰী যেনে পেট্ৰ’ল (MS), ডিজেল (HSD) আৰু ৰন্ধন গেছ LPGৰ উপলব্ধতা সম্পূৰ্ণ স্বাভাৱিক আৰু নিৰবচ্ছিন্নভাৱে অব্যাহত আছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (PIB)-এ।

PIBৰ তথ্য অনুসৰি, ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহ — Indian Oil Corporation (IOCL), Bharat Petroleum (BPCL) আৰু Hindustan Petroleum (HPCL)-এ অসমৰ সকলো যোগান কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত ৰাখিছে। ফলত ৰাজ্যখনত ইন্ধনৰ যোগান ব্যৱস্থাত কোনো ধৰণৰ বিঘিনি সৃষ্টি হোৱা নাই।

কৰ্তৃপক্ষই স্পষ্টভাৱে জানিবলৈ দিয়ে যে, পেট্ৰ’ল, ডিজেল অথবা LPGৰ অভাৱ সন্দৰ্ভত ছচিয়েল মিডিয়াত চলি থকা বিভ্ৰান্তিকৰ খবৰত জনসাধাৰণে বিশ্বাস নকৰিবলৈ আহ্বান জনোৱা হৈছে।

তেল বিপণন কোম্পানীসমূহে কয় যে, অসমৰ বিভিন্ন ডিপো আৰু বিতৰণ কেন্দ্ৰৰ জৰিয়তে নিয়মীয়াকৈ ইন্ধন যোগান অব্যাহত ৰখা হৈছে আৰু আগন্তুক দিনসমূহতো এই ব্যৱস্থা অব্যাহত থাকিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *