উত্তৰ-পূৰ্ব আৰু ৰাজস্থানৰ বয়ন শিল্পৰ নতুন সংযোগ
- DoNER মন্ত্ৰালয়ে আৰম্ভ কৰিলে নতুন বয়ন উদ্যোগ
- ৰাজস্থানৰ কোটা ডোৰিয়া আৰু উত্তৰ-পূৰ্বৰ এৰি চিল্কৰ সংমিশ্ৰণ
- শিল্পী আৰু তাঁতী সমাজৰ বাবে সৃষ্টি হ’ব নতুন জীৱিকাৰ সুযোগ
- কোটা ভ্ৰমণকালত DoNER সচিব সঞ্জয় জাজুৰ সৈতে সাক্ষাৎ লোকসভাৰ অধ্যক্ষ ওম বিৰ্লাৰ
এৰি চিল্ক আৰু কোটা ডোৰিয়াৰ সংমিশ্ৰণে প্ৰিমিয়াম কাপোৰ তৈয়াৰৰ উদ্যোগ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১৯ মে’: উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (DoNER) এ ভাৰতৰ সমৃদ্ধ হাততাঁত ঐতিহ্যক নতুন দিশ দিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্যোগৰ অধীনত ৰাজস্থানৰ পৰম্পৰাগত ‘কোটা ডোৰিয়া’ কাপোৰৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ খ্যাতনামা ‘এৰি চিল্ক’ সংমিশ্ৰণ কৰি এক প্ৰিমিয়াম মানৰ নতুন বস্ত্ৰ উন্নয়ন কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
এই উদ্যোগে দেশৰ বিভিন্ন প্ৰান্তৰ বয়ন শিল্পক এক সুতোত গাঁথি আন্তঃআঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে ভাৰতীয় হাততাঁত শিল্পৰ বৈচিত্ৰ্যকো বিশ্বমঞ্চত তুলি ধৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
কোটা ভ্ৰমণকালত DoNER মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুই লোকসভাৰ অধ্যক্ষ ওম বিৰ্লাৰ সৈতে সাক্ষাৎ কৰে। এই বৈঠকত ওম বিৰ্লাই উদ্যোগটোৰ শলাগ লৈ কয় যে, ইয়াৰ জৰিয়তে পৰম্পৰাগত বয়ন কৌশল সংৰক্ষণৰ লগতে শিল্পী আৰু তাঁতী সমাজৰ বাবে টেকসই জীৱিকাৰ নতুন সুযোগ সৃষ্টি হ’ব।
বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ এৰি চিল্কৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাহিদা বৃদ্ধি পোৱাৰ সময়ত এই নতুন সংমিশ্ৰণ ভাৰতীয় হাততাঁত শিল্পৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।
