অসমৰ তিনিখন পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা-২০২৫
- অসমৰ তিনিখন পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৫
- নলবাৰীৰ বটাঁ গাঁৱে লাভ কৰিলে “সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ” বঁটা
- শোণিতপুৰৰ নিউ নপাম গাঁও পঞ্চায়তলৈ “শ্ৰেষ্ঠ গাঁও পঞ্চায়ত” সন্মান
- নগাঁৱৰ জুমমুৰ গাঁও পঞ্চায়তলৈ “স্বচ্ছ আৰু সেউজ পঞ্চায়ত” বঁটা
- ডিব্ৰুগড়ৰ হুচীজন গাঁও পঞ্চায়তক “স্বনিৰ্ভৰশীল আন্তঃগাঁথনি” শাখাত স্বীকৃতি
পঞ্চায়ত উন্নয়ন আৰু স্বচ্ছতাৰ ক্ষেত্ৰত ৰাজ্যলৈ গৌৰৱ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ৯ মে’: অসমৰ পঞ্চায়তসমূহে এইবাৰ ৰাষ্ট্ৰীয় স্তৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে। “ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৫”ৰ অধীনত ৰাজ্যৰ তিনিখন গাঁও পঞ্চায়তে বিভিন্ন শাখাত সন্মান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
নলবাৰী জিলাৰ বটাঁ গাঁৱে “নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫”ৰ অধীনত ১.৫০ কোটি টকাৰ বঁটা লাভ কৰিছে। এই সাফল্যই ৰাজ্যৰ গ্ৰাম্য উন্নয়ন আৰু পৰিকল্পিত পঞ্চায়ত ব্যৱস্থাৰ দিশত নতুন দৃষ্টান্ত স্থাপন কৰিছে।
ইয়াৰ উপৰিও, শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে “শ্ৰেষ্ঠ গাঁও পঞ্চায়ত” শাখাত সন্মান লাভ কৰিছে। আনহাতে, নগাঁও জিলাৰ জুমমুৰ গাঁও পঞ্চায়তে “স্বচ্ছ আৰু সেউজ পঞ্চায়ত” শাখাত বঁটা লাভ কৰি পৰিবেশ সুৰক্ষা আৰু পৰিষ্কাৰ-পরিচ্ছন্নতাৰ ক্ষেত্ৰত বিশেষ স্বীকৃতি অৰ্জন কৰিছে।
ডিব্ৰুগড় জিলাৰ হুচীজন গাঁও পঞ্চায়তেও “স্বনিৰ্ভৰশীল আন্তঃগাঁথনি” শাখাত উল্লেখযোগ্য সফলতা লাভ কৰিছে।
এই সাফল্যক লৈ ৰাজ্যজুৰি আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে। চৰকাৰী মহলৰ মতে, এই বঁটাসমূহে ৰাজ্যৰ গাঁও উন্নয়ন ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব।
