অসমত কঠোৰ হ’ব কঠিন বর্জ্য ব্যৱস্থাপনা নিয়ম, জিলা আয়ুক্তসকলক বিশেষ নিৰ্দেশ
- ৰাজ্যজুৰি SWM Rules, 2026 কঠোৰভাৱে ৰূপায়ণৰ নিৰ্দেশ
- উৎসতে বর্জ্য পৃথকীকৰণ আৰু ঘৰে ঘৰে সংগ্ৰহ ব্যৱস্থা জোৰদাৰ
- ডাম্পিং স্থানসমূহৰ বৈজ্ঞানিক পুনৰুদ্ধাৰত গুৰুত্ব
- Bulk Waste Generator চিনাক্তকৰণ আৰু নোটিফিকেশ্যনৰ নিৰ্দেশ
- পৰ্যটনস্থলী আৰু অধিক জনসমাগম হোৱা এলেকাত বিশেষ ব্যৱস্থা
- জিলা আয়ুক্তসকলৰ সৈতে পৰ্যালোচনা বৈঠক
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২০ মে’:অসমত কঠিন বর্জ্য ব্যৱস্থাপনা (Solid Waste Management) অধিক বৈজ্ঞানিক আৰু কঠোৰভাৱে ৰূপায়ণৰ লক্ষ্যৰে ৰাজ্যৰ সকলো জিলা আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগৰ সৈতে এক ভিডিঅ’ কনফাৰেন্স বৈঠক অনুষ্ঠিত হয়। বৈঠকত SWM Rules, 2026-ৰ কাৰ্যকৰী ৰূপায়ণ পৰ্যালোচনা কৰা হয়।
বৈঠকত জিলা প্ৰশাসনসমূহক কঠোৰভাৱে SWM Rules, 2026 আৰু বৈজ্ঞানিক বর্জ্য ব্যৱস্থাপনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলিবলৈ কোৱা হয়। লগতে উৎসতে বর্জ্য পৃথকীকৰণ, ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ, বিকেন্দ্ৰীকৃত বর্জ্য প্ৰক্ৰিয়াকৰণ ব্যৱস্থা আৰু পুৰণি ডাম্পিং স্থানসমূহৰ বৈজ্ঞানিক পুনৰুদ্ধাৰত গুৰুত্ব আৰোপ কৰা হয়।
বৈঠকত বজাৰ, শিক্ষানুষ্ঠান, চিকিৎসালয়, উদ্যোগ, চৰকাৰী প্ৰতিষ্ঠান, চাহ বাগিচা আদি বৃহৎ পৰিমাণে বর্জ্য উৎপাদন কৰা প্ৰতিষ্ঠানসমূহক Bulk Waste Generator হিচাপে চিনাক্ত কৰি আনুষ্ঠানিকভাৱে নোটিফাই কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হয়।
ইয়াৰ উপৰিও জিলা পৰ্যায়ত বিশেষ মনিটৰিং কোষ গঠন, নিয়মীয়া পৰ্যালোচনা বৈঠক, অভিযোগ নিষ্পত্তি ব্যৱস্থা শক্তিশালীকৰণ আৰু নগৰ স্থানীয় সংস্থা, পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান আৰু জিলা প্ৰশাসনৰ সমন্বিত পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ পৰ্যটনস্থলী, তীৰ্থস্থান আৰু অধিক জনসমাগম হোৱা এলেকাসমূহত কঠিন বর্জ্য ব্যৱস্থাপনাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
