Global Assam News

Global and Local Assam News Website

জুবিন ক্ষেত্ৰ উন্নয়নৰ কামত মুখ্যমন্ত্ৰীৰ ঘোষণা

Oplus_131072

  • ৩ কোটি টকা ব্যয়ে জুবিন ক্ষেত্ৰৰ সীমাৰ দেৱাল নিৰ্মাণ কৰা হ’ব
  • পাহাৰৰ পৰা মাটি খহি অহা নিয়ন্ত্ৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হ’ব
  • সীমাৰ দেৱালৰ লগতে জুবিনৰ মূল সমাধি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ
  • বাউণ্ডেৰী ৱাল নিৰ্মাণ শেষ হ’লেই ‘জুবিন ক্ষেত্ৰ’ নিৰ্মাণৰ মূল কাম আৰম্ভ হ’ব
  • স্থান পৰিদৰ্শন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ

বাউণ্ডেৰী ৱাল সম্পূৰ্ণ হ’লেই আৰম্ভ হ’ব ‘জুবিন ক্ষেত্ৰ’ নিৰ্মাণ

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২০ মে’: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া ‘জুবিন ক্ষেত্ৰ’ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই ‘জুবিন ক্ষেত্ৰ’ৰ মূল নিৰ্মাণ কাম আৰম্ভ কৰা হ’ব।

মুখ্যমন্ত্ৰীৰ মতে, এই প্ৰকল্পৰ অধীনত প্ৰায় ৩ কোটি টকা ব্যয়ে সীমাৰ দেৱাল নিৰ্মাণ কৰা হ’ব। লগতে পাহাৰৰ পৰা মাটি খহি অহাৰ সমস্যা সমাধানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে ভবিষ্যতে নিৰ্মাণ কামত কোনো বাধা নাহে।

মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে, সীমাৰ দেৱালৰ সৈতে জুবিনৰ মূল সমাধি নিৰ্মাণৰ কামো আৰম্ভ কৰা হ’ব। স্থান পৰিদৰ্শনৰ সময়ত তেওঁ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই স্মৃতিক্ষেত্ৰক সুন্দৰভাৱে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *