Global Assam News

Global and Local Assam News Website

জাৰ্মান ভাষাত মুক্তি পালে ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে”

  • মানুহে মানুহৰ বাবে” গানখন জাৰ্মান ভাষালৈ অনুবাদ কৰি প্ৰকাশ
  • ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ অংশ
  • বিশ্বমঞ্চত অসমীয়া সংস্কৃতিৰ বিস্তাৰ
  • সংগীতৰ মাধ্যমে মানবতাৰ বাৰ্তা প্ৰচাৰ

শতবৰ্ষ উদযাপন উপলক্ষে আন্তর্জাতিক মঞ্চত অসমীয়াৰ গৌৰৱ উজলাই তুলিলে Bhupen Hazarika International Foundationয়ে

সমগ্ৰ সমাচাৰ সেৱা
অসম, ২ মে’: অসমৰ কিংবদন্তী সংগীতশিল্পী ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে” গানখন জাৰ্মান ভাষাত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হৈছে। এই পদক্ষেপ লোৱা হৈছে Bhupen Hazarika International Foundation (BHIF) ৰ উদ্যোগত, যি এতিয়া চলি থকা ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ এক গুৰুত্বপূৰ্ণ অংশ।

এই অনুবাদৰ জৰিয়তে গানখনৰ মূল বাৰ্তা—মানৱতা, সহানুভূতি আৰু একতাৰ আদৰ্শ—আন্তর্জাতিক পৰ্যায়ত অধিক বিস্তৃত ৰূপে পোহৰলৈ আহিছে। BHIF-এ জনোৱা মতে, এই পদক্ষেপে বিশ্ববাসীৰ মাজত অসমীয়া সংস্কৃতি আৰু সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত সহায় কৰিব।
উল্লেখযোগ্য যে “মানুহে মানুহৰ বাবে” কেৱল এটা গান নহয়, ই এক সামাজিক বাৰ্তা, যি মানুহে মানুহৰ বাবে দায়িত্ব আৰু মৰমৰ কথা সোঁৱৰাই দিয়ে। জাৰ্মান ভাষাত মুক্তিৰ জৰিয়তে এই বাৰ্তা এতিয়া নতুন দৰ্শক-শ্ৰোতাৰ ওচৰলৈ পৌঁছিছে।

বিশেষজ্ঞসকলৰ মতে, এই ধৰণৰ সাংস্কৃতিক উদ্যোগে অসমক বিশ্ব মানচিত্ৰত অধিক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হ’ব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *