তিনচুকিয়া ভোট গণনাৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন
- ভোট গণনা আৰম্ভ হ’ব ৪ মে’ পুৱা ৮ বজাৰ পৰা
- দুটা গণনা কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে
- মুঠ প্ৰায় ৬০০ বিষয়া নিয়োজিত
- ৬ জন গণনা পৰ্যবেক্ষক নিযুক্ত
- কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ
সমগ্ৰ সমাচাৰ সেৱা
তিনচুকিয়া, ২ মে’: তিনচুকিয়া জিলাৰ প্ৰশাসনে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা শান্তিপূৰ্ণ আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে। এই বিষয়ে সংবাদমেলত জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত সুমিত সতাৱানে উল্লেখ কৰে যে সকলো লজিষ্টিক আৰু নিৰাপত্তা ব্যৱস্থা সজাগভাৱে প্ৰস্তুত কৰা হৈছে।
নিৰ্বাচন আয়োগে ৬ জন পৰ্যবেক্ষক নিযুক্ত কৰিছে—
অভিন্নৱ ত্ৰিখা – তিনচুকিয়া সমষ্টি
লিমাৱাবাং জামিৰ – মাকুম
ওম প্ৰকাশ সহাৰণ – ডুমডুমা
এ.জি. চিনা কৃষ্ণ – ডিগবৈ
মিতালি নামচুম – মার্ঘেৰিটা
আই. কিশোৰ – শদিয়া
জনতা কলেজত: শদিয়া আৰু মার্ঘেৰিটা সমষ্টিৰ গণনা
SAI সৰ্বানন্দ সোনোৱাল ষ্টেডিয়ামত: ডুমডুমা, ডিগবৈ, মাকুম আৰু তিনচুকিয়া
প্ৰতিটো সমষ্টিৰ বাবে পৃথক টেবুল আৰু ডাক ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে।
কর্মী নিয়োগ আৰু সময়সূচী
মুঠ প্ৰায় ৬০০ কৰ্মচাৰী নিয়োগ কৰা হৈছে, যাৰ ভিতৰত—
৭৯ জন মাইক্ৰ’-অবজাৰ্ভাৰ
৬৭ জন গণনা পৰিদৰ্শক
৬৭ জন সহায়ক
সময়সূচী:
বিষয়া উপস্থিতি – পুৱা ৫:৩০ বজাত
গণনা কৰ্মচাৰী – ৬:০০ বজাত
এজেণ্ট/প্ৰাৰ্থী – ৭:০০ বজাত
যিকোনো অপ্ৰিয় ঘটনা ৰোধ কৰিবলৈ আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। সংবাদমেলত আৰক্ষী অধীক্ষক ময়ংক কুমাৰ ঝা আৰু নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তা উপস্থিত আছিল।
