Global Assam News

Global and Local Assam News Website

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড° হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্তী , ফেচবুক লাইভ: ৰাজনীতি আৰু ব্যক্তিগত আক্ৰমণ।
  • ১২ মে’ পুৱা ১১:৪০ বজাত খানাপাৰাত শপতগ্ৰহণ অনুষ্ঠান
  • দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড° হিমন্ত বিশ্ব শৰ্মাই
  • মা কামাখ্যা দেৱালয়, বটদ্ৰৱা থান আৰু ৰাজ্যৰ সংস্কৃতিৰ বিশেষ প্ৰদৰ্শন
  • অনুষ্ঠানত উপস্থিত থাকিব বহু বিশিষ্ট অতিথি আৰু নেতৃবৃন্দ
  • অসমৰ কৃষ্টি-সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰা প্ৰতিফলিত হ’ব অনুষ্ঠানত

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১১ মে’: অসমৰ ৰাজনীতিত পুনৰ এক ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি হ’বলৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আগন্তুক ১২ মে’ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

এই বৃহৎ অনুষ্ঠানত অসমৰ ঐতিহ্য, কৃষ্টি-সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰাক বিশেষভাৱে প্ৰতিফলিত কৰাৰ ব্যৱস্থা কৰা হৈছে। মা মা কামাখ্যা দেৱালয়, বটদ্ৰৱা থান আদি পবিত্ৰ স্থানৰ আদলে অনুষ্ঠানস্থলী সজোৱাৰ পৰিকল্পনা কৰা হৈছে।

আয়োজকসকলৰ মতে, অসমৰ চহকী সংস্কৃতি আৰু পৰম্পৰাৰ এক অনন্য ৰূপ দেশবাসীৰ আগত দাঙি ধৰাই এই অনুষ্ঠানৰ অন্যতম লক্ষ্য। অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক পৰিবেশনো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

ইতিমধ্যে অনুষ্ঠানক কেন্দ্ৰ কৰি খানাপাৰা অঞ্চলত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। আৰক্ষী আৰু প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে যান-বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাজ্যৰ বহু গণ্যমান্য ব্যক্তি, ৰাজনৈতিক নেতা আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোক এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *