ভয়াবহ পৰিস্থিতিৰ আগজাননী দি দেশবাসীক প্ৰধানমন্ত্ৰীৰ বিশেষ আহ্বান
Oplus_131072
- পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ কম কৰিবলৈ আহ্বান
ৰাজহুৱা পৰিবহণ ব্যৱস্থা অধিক ব্যৱহাৰৰ পৰামৰ্শ - বৈদ্যুতিক (EV) বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব
- ভিডিঅ’ কনফাৰেন্স আৰু অনলাইন ব্যৱস্থাৰ জৰিয়তে কাম কৰাৰ পৰামৰ্শ
- বিদেশ ভ্ৰমণ আৰু ব্যয়বহুল অনুষ্ঠান পৰিহাৰ কৰিবলৈ আহ্বান
- সামাজিক অনুষ্ঠানত অতিৰিক্ত খৰচ নকৰিবলৈ অনুৰোধ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১১ মে’: দেশত সম্ভাব্য ভয়াবহ পৰিস্থিতিৰ আশংকাৰ মাজতে দেশবাসীক বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ আৰ্থিক স্থিতি সুদৃঢ় কৰি ৰাখিবলৈ আৰু বিদেশী মুদ্ৰাৰ ব্যয় হ্ৰাস কৰিবলৈ নাগৰিকসকলক কিছুমান গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ পেট্ৰ’ল আৰু ডিজেলৰ ব্যৱহাৰ কমাবলৈ আহ্বান জনাই কয় যে, সম্ভৱ হ’লে ৰাজহুৱা পৰিবহণ ব্যৱস্থা অধিক ব্যৱহাৰ কৰিব লাগে। ইয়াৰ লগতে অধিক সংখ্যক লোকক বৈদ্যুতিক বাহন ব্যৱহাৰৰ দিশত আগবাঢ়িবলৈ উৎসাহিত কৰা হৈছে।
কৰ্মক্ষেত্ৰতো আধুনিক পদ্ধতি গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ভিডিঅ’ কনফাৰেন্স, অনলাইন মিটিং আৰু ঘৰৰ পৰাই কাম কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে।
ইয়াৰ উপৰিও বিদেশ ভ্ৰমণ, বিশেষকৈ ব্যয়বহুল বিবাহ অনুষ্ঠান আৰু অপ্রয়োজনীয় সামাজিক খৰচ সীমিত ৰাখিবলৈ দেশবাসীক আহ্বান জনোৱা হৈছে। যিকোনো অনুষ্ঠান সাধাৰণভাৱে উদযাপন কৰি অপচয় কমাবলৈও পৰামৰ্শ দিয়া হৈছে। এনে পদক্ষেপে দেশৰ আৰ্থিক চাপ হ্ৰাস কৰাৰ লগতে শক্তি সংৰক্ষণতো সহায় কৰিব।
