এমভি হণ্ডিয়াছ জাহাজত হান্টাভাইৰাছ আতংক
- স্পেইনৰ ক্যানাৰী দ্বীপপুঞ্জৰ ওচৰত নঙৰ কৰি থকা এমভি হণ্ডিয়াছ জাহাজত হান্টাভাইৰাছ সংক্ৰমণ
- ৩ জন যাত্ৰীৰ মৃত্যু, ৫ জনৰ দেহত ভাইৰাছ নিশ্চিত
- দুজন ভাৰতীয় ক্ৰু সদস্য সম্পূৰ্ণ লক্ষণবিহীন
ভাৰতীয় দূতাবাসে নেদাৰলেণ্ডত - কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে
WHO-ৰ মতে বৰ্তমান জাহাজত কোনো উপসৰ্গযুক্ত ৰোগী নাই - ICMR-এ ভাৰতলৈ তাৎক্ষণিক বিপদ নথকাৰ কথা স্পষ্ট কৰিছে
দুজন ভাৰতীয় নাগৰিক লক্ষণবিহীন, সতর্কতামূলকভাৱে নেদাৰলেণ্ডলৈ স্থানান্তৰ
সমগ্ৰ সমাচাৰ সেৱা
অসম, ১১ মে’: স্পেইনৰ ক্যানাৰী দ্বীপপুঞ্জৰ ওচৰত অৱস্থিত ডাচ অভিযানমূলক ক্ৰুজ জাহাজ “MV Hondius”ত হান্টাভাইৰাছ সংক্ৰমণক লৈ বিশ্বজুৰি উদ্বেগ বৃদ্ধি পাইছে। এই ঘটনাত ইতিমধ্যে ৩ জন যাত্ৰীৰ মৃত্যু হৈছে আৰু ৫ জনৰ দেহত ভাইৰাছ নিশ্চিত হৈছে।
জাহাজখনত থকা দুজন ভাৰতীয় ক্ৰু সদস্য সম্পূৰ্ণ লক্ষণবিহীন বুলি স্পেইনত অৱস্থিত ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে। সতর্কতামূলক ব্যৱস্থা হিচাপে তেওঁলোকক নেদাৰলেণ্ডলৈ স্থানান্তৰ কৰি কোৱাৰেণ্টাইনত ৰখা হ’ব।
জানিব পৰা মতে, এমভি হণ্ডিয়াছত মুঠ ১৪৯ জন লোক আছিল। জাহাজখন কেপ ভাৰ্দেৰ পৰা টেনেৰিফ অভিমুখে যাত্ৰা কৰিছিল যদিও সংক্ৰমণৰ আশংকাত বৰ্তমান সমুদ্ৰত নঙৰ কৰি ৰখা হৈছে। আক্রান্ত যাত্ৰীৰ কিছুমানক দক্ষিণ আফ্ৰিকা, নেদাৰলেণ্ড আৰু ছুইজাৰলেণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
WHO-ৰ মহাপৰিচালক Tedros Adhanom Ghebreyesus-এ জানিবলৈ দিয়ে যে বৰ্তমান জাহাজখনত কোনো নতুন উপসৰ্গযুক্ত ৰোগী নাই আৰু জনস্বাস্থ্যজনিত বিপদৰ আশংকা নিম্ন স্তৰত আছে।
ইফালে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয় আৰু Indian Council of Medical Research-এ জনাইছে যে ভাৰতীয় ক্ৰু সদস্যদ্বয় আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্যবিধি অনুসৰি পৰ্যবেক্ষণত আছে আৰু ভাৰতৰ বাবে বৰ্তমান কোনো তাৎক্ষণিক বিপদ নাই।
