Global Assam News

Global and Local Assam News Website

অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ নিযুক্ত ড° হিমন্ত বিশ্ব শৰ্মা

  • অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ নিযুক্ত ড° হিমন্ত বিশ্ব শৰ্মা
  • ভাৰতীয় সংবিধানৰ ১৬৪(১) অনুচ্ছেদৰ অধীনত ৰাজ্যপালৰ নিযুক্তি
  • ১২ মে’ পুৱা ১১:৪০ বজাত খানাপাৰাত শপত গ্ৰহণ
  • ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সন্মুখত চৰকাৰ গঠনৰ দাবী উত্থাপন

নতুন মন্ত্ৰীসভাও একেলগে শপত লোৱাৰ সম্ভাৱনা

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১১ মে’: অসমৰ ৰাজনীতিত পুনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা হ’বলৈ গৈছে। ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিছে।

এই সন্দৰ্ভত প্ৰকাশিত তথ্য অনুসৰি, ১২ মে’ ২০২৬ তাৰিখে পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত ৰাজ্যপালৰ উপস্থিতিত ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। লগতে নতুন মন্ত্ৰীসভাৰ সদস্যসকলেও একেলগে শপত লোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, আজি দিনৰ ভাগতেই ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ সন্মুখত উপস্থিত হৈ পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিল। বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়কসকলৰ সমৰ্থন লাভ কৰাৰ পাছতেই তেওঁ এই দাবী উত্থাপন কৰে।

শপত গ্ৰহণ অনুষ্ঠান উপলক্ষে খানাপাৰা আৰু গুৱাহাটীৰ বিভিন্ন স্থানত ব্যাপক প্ৰস্তুতি চলি থকাৰ লগতে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *