Global Assam News

Global and Local Assam News Website

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে বিজয়ৰ প্ৰতিশ্ৰুতি

  • তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে ভাষণ দিলে চি জোচেফ বিজয়ে
  • ৰাজহুৱা ধনৰ অপব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি
    ৰাজ্যত দুর্নীতি-মুক্ত শাসন ব্যৱস্থা গঢ়াৰ ঘোষণা
  • “এই চৰকাৰ জনসাধাৰণৰ চৰকাৰ” বুলি মন্তব্য
    উন্নত আৰু শক্তিশালী তামিলনাডু গঢ়াৰ আহ্বান

“জনসাধাৰণৰ টকা অপব্যৱহাৰ নহ’ব, দুর্নীতিক কোনো স্থান দিয়া নহ’ব”

সমগ্ৰ সমাচাৰ সেৱা
তামিলনাডু, ১০ মে’: তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী তথা TVK দলৰ মুৰব্বী বিজয়ে চৰকাৰ গঠনৰ পাছত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয় যে জনসাধাৰণৰ টকাৰ এক টকাও অপব্যৱহাৰ হ’ব নিদিয়ে আৰু নিজেও ৰাজনীতিত ধন-সম্পদ লাভৰ উদ্দেশ্যেৰে অহা নাই।

বিজয়ে স্পষ্টভাৱে কয়, “মই জনসাধাৰণক প্ৰতিশ্ৰুতি দিছোঁ যে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কেতিয়াও নহ’ব। মই ৰাজনীতিলৈ ধন উপাৰ্জনৰ বাবে অহা নাই আৰু আপোনালোকেও সেই কথা ভালদৰে জানে।”

ইয়াৰ লগতে তেওঁ চৰকাৰত কোনো ধৰণৰ দুর্নীতি সহ্য নকৰাৰ হুংকাৰ দিয়ে। তেওঁ কয় যে চৰকাৰৰ ভিতৰত কাকো দুর্নীতিমূলক উপায়ে ধন উপাৰ্জন কৰিবলৈ দিয়া নহ’ব।

নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই চৰকাৰ সম্পূৰ্ণৰূপে জনসাধাৰণৰ চৰকাৰ হ’ব আৰু সকলোকে লগ লৈ এক শক্তিশালী, উন্নত আৰু সমৃদ্ধ তামিলনাডু গঢ়ি তোলা হ’ব। তেওঁৰ এই ভাষণৰ পিছতে ৰাজ্যজুৰি সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *